ডিজিটেল ডেস্কঃ মুম্বাইত চাকৰি দিয়াৰ প্ৰলোভনেৰে ৬ যুৱকক হাৰাশাস্তি কৰিলে মৰাণৰ এজন যুৱকে।
মৰাণ চকলিয়াৰ ৰাজীৱ খান নামৰ যুৱকজনে দুলীয়াজানৰ ৩ জন আৰু লিডুৰ ৩ যুৱকক বহিঃৰাজ্যত চাকৰি দিম বুলি মাতি পথাইছিল। সেই মৰ্মে যুৱক কেইজন নিশা মৰাণত আহি উপস্থিত হ'ল।
ইয়াৰ পিছতে ৰাজীৱ খানে নাটক আৰম্ভ কৰিলে। ৰাজীৱ খানে নিশা পৰ্যন্ত যুৱককেইজনক সংগ নিদিয়াত উপায়ন্তৰ হৈ পৰে যুৱককেইজন। উপায়হীন হৈ যুৱককেইজনে আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে নিশাই প্ৰতাৰক ৰাজীৱ খানক কৰায়ত্ত কৰি যুৱককেইজনৰ যাতায়াতত খৰচ হোৱা টকা দিবলৈ বাধ্য কৰায়। ইফালে ৬ জনকৈ নিবনুৱা যুৱকক এনেদৰে প্ৰতাৰণা কৰাক লৈ মৰাণত বহুতৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰতাৰক ৰাজীৱ খানৰ উচিত শাস্তি বিচাৰিছে সকলোৱে।
Leave A Comment