ডিজিটেল ডেস্কঃ অগতানুগতিক সম্পৰ্কৰ বাবেই যোৰহাটত ভয়ংকৰ ঘটনা। প্ৰিয়জনক ডিঙি ৰেপি হত্যাৰ চেষ্টা। যোৰহাটৰ মৰিয়নিত দেওবাৰে সন্ধিয়া এজন যুৱকক ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰাৰ চাঞ্চল্যকৰ ঘটনাৰ আঁৰৰ কাহিনী পোহৰলৈ আহিছে।যি ঘটনাই আপোনাক সতচকিত কৰি তুলিব। আক্ৰমনৰ বলি হোৱা চেলেংহাট মাজুনগঞা গাঁৱৰ প্ৰায় বিশ বছৰীয়া প্ৰজ্ঞান গগৈৰ সৈতে আক্ৰমনকাৰী দুল বৈৰাগীৰ আছিল এক অগতানুগতিক মধুৰ সম্পৰ্ক।
প্ৰজ্ঞানৰ সৈতে দুবছৰ পূৰ্বে ফেচবুক যোগে চিনাকী হৈছিল মাজুলীৰ বনগাঁৱৰ দুল বৈৰাগীৰ। ব্যৱসায়িক সূত্ৰে যোৰহাট নগৰত থকা দুল বৈৰাগীয়ে কাম দিম বুলি প্ৰজ্ঞানক মাতি নি নিজৰ লগত ৰাখিছিল। তেতিয়াই দুয়োৰে মাজত এক অগতানুগতিক ভালপোৱাৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। আনহাতে কিছু মাহ পূৰ্বৰ পৰা দুলৰ সংগ এৰি প্ৰজ্ঞান নিজৰ ঘৰত থাকিবলৈ লৈছিল। প্ৰজ্ঞানে ত্যাগ কৰিব বিচাৰিছল দুলক।কিন্তু এই কথা সহ্য কৰিব পৰা নাছিল দুলে। শেষতীয়াকৈ প্ৰজ্ঞানৰ সম্পৰ্ক স্থাপন হৈছিল এগৰাকী যুৱতীৰ সৈতে।যিটো কথাই দুলক অধিক ক্ষোভিত কৰি তুলিছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ফোনত দুল আৰু প্ৰজ্ঞানৰ মাজত প্ৰায় কাজিয়া সৃষ্টি হৈছিল।প্ৰজ্ঞানে দুলৰ ফোন মেছজৰ উত্তৰ দিয়াও বন্ধ কৰি দিছিল।
কালি সন্ধিয়া দুল বৈৰাগীয়ে “তহঁতৰ ঘৰৰ ওচৰতে আছোঁ।তোক এবাৰ চাব মন গৈছে” বুলি প্ৰজ্ঞানক ফোন কৰি মাতি নিছিল। এখন মটৰ চাইকেলত অহা দুলে কথা পাতি থকা অৱস্থাতে প্ৰজ্ঞানক অতৰ্কিতে কঁকালৰ পিছফালে লুকুৱাই অনা চুৰীখনেকৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰে। আনহাতে এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। হতচকিত কৰি তুলিছে সচেতন ৰাইজক।
সম্প্ৰতি প্ৰজ্ঞান গগৈ হাস্পতালত ভৰ্তি হৈ আছে।
Leave A Comment