ডিজিটেল ডেস্কঃ স্বামীয়ে চলাই ই-ৰিক্সা।পত্নীয়ে চলাই ইনষ্টাগ্ৰাম। ফেচবুক আৰু ইনষ্টাগ্ৰামত ৰীল বনাই বনাই নোহোৱা হ'ল পত্নী ।নিখোজ পত্নীৰ সন্ধানত আৰক্ষীৰ কাষ চাপিল স্বামী। ঘটনা মৰিয়নিৰ গান্ধী নগৰৰ৷
মঙলবৰীয়া বজাৰ কৰিবলৈ গৈ উভতি নাহিল পত্নী। পত্নীক বিচাৰি এতিয়া হাবাথুৰি খাইছে স্বামীয়ে। ঘৰখন চলাবলৈ দিনৰ দিনটো স্বামী অমল দাসে চলাই ই-ৰিক্সা৷ সেই উপাৰ্জনেৰে চলি আছিল সংসাৰখন৷
ইফালে দিনৰ দিনটো ঘৰত ফেচবুক আৰু ইনষ্টাগ্ৰামত ৰীল বনোৱাত ব্যস্ত থাকে পত্নী ববী দাস। হঠাৎ মঙলবাৰে দুপৰীয়া বজাৰলৈ বুলি ওলাই গ'ল পত্নী ববী। ইয়াৰ পিছৰে পৰা কোনো শুংসূত্ৰ নাই ৰীলচ বনোৱা পত্নীৰ। পত্নীৰ মোবাইললৈ বাৰে বাৰে ফোন লগায় কিন্তু পত্নীৰ মোবাইল চুইচ অফ। ৰীল বনাই বনাই নোহোৱা হোৱা পত্নীক বিছাৰি হাবাথুৰি খাইছে ই-ৰিক্সা চলোৱা স্বামী।
এগৰাকী ছোৱালী সন্তানসহ স্বামীক এৰি ক'ত হেৰাল ববী দাস। ইয়াৰ উত্তৰ বিচাৰি বৃহস্পতিবাৰে মৰিয়নি থানাত উপস্থিত হ'ল স্বামী অমল দাস। স্বামীৰ পৰিয়ালৰ সন্দেহ ৰীলছ বনাই কাৰোবাৰ লগত হৃদয় বিনিময় কৰিবলৈ গৈছে হয়তো ববী। এতিয়া আৰক্ষীৰ সঠিক অনুসন্ধানত ওলাব প্ৰকৃত ৰহস্য।
ইফালে স্বামী অমল দাসে কয় যে ফেচবুক আৰু ইনষ্টাগ্ৰামত ৰীল বনোৱাত পত্নী ব্যস্ত হৈ থাকিলেও পত্নীৰ লগতে কাৰো ওপৰতে তেওঁৰ সন্দেহ নাই৷
Leave A Comment