ডিজিটেল ডেস্ক: আৰু মাত্ৰ কেইটামান দিনৰ পাছতে অর্থাৎ ১৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। এইবাৰ মেট্ৰিক পৰীক্ষাত যাতে কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় আৰু বিদ্যালয়ৰ সন্মুখত অভিভাৱকৰ ভিৰে যাতে পৰীক্ষাৰ্থীৰ বাবে কোনো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে ১০টা নিয়ম বান্ধি দিছে শিক্ষা বিভাগে।
সকলো অভিভাৱক আৰু পৰীক্ষাৰ্থীৰ বাবে প্রযোজ্য এই নিয়ম জানি লওক
পৰীক্ষা কেন্দ্ৰ ১০০ মিটাৰ ব্যাসার্ধত পৰীক্ষাৰ্থীৰ বাদে সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ৷
পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসার্ধত মানুহে জুম বান্ধিব নোৱাৰিব৷
অনুমতি অবিহনে কোনো লোকে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব।
পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ অনুমোদন নথকা কোনো সামগ্রী নিব নোৱাৰিব।
পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্রলৈ স্মার্ট ঘড়ী, ম'বাইল ফ'ন, কেলকুলেটৰ নিয়া নিষিদ্ধ কৰা হৈছে।
উল্লেখযোগ্য যে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে হ'বলগীয়া মেট্রিক পৰীক্ষাত এইবাৰ মুঠ ৪ লাখ ২৯ হাজাৰ ৪৪৮গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব।
এইবাৰ মেট্ৰিক দিবলগীয়া মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২ লাখ ৩৮ হাজাৰ ৭৯৫গৰাকী ছাত্ৰী আৰু ১ লাখ ৯০ হাজাৰ ৬৫৩জন ছাত্র। ইতিমধ্যেই মেট্ৰিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ শিক্ষা বিভাগে জোৰদাৰ প্ৰস্তুতি চলাইছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment