ডিজিটেল ডেস্কঃ ৰঙালীৰ আনন্দ-উচাহৰ মাজতে পহিলা ব'হাগৰ নিশা মৰাণত শোকাবহ পথ দূৰ্ঘটনাত নিহত হয় এজন ব্যক্তি৷
মৰাণৰ ২ নং সৰুপথাৰ নিবাসী হীৰাবাবা আলি নামৰ লোকজনে নিশা এখন চাইকেলেৰে মৰাণ নগৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত এখন গাড়ীয়ে মহতিয়াই থৈ যায়৷
ঘটনাস্থলীতে থিতাতে নিহত হয় লোকজন।
তেওঁৰ মৃতদেহ নিশাই মৰাণহাট আৰক্ষীয়ে উদ্ধাৰ কৰে৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰা AR 09 B 9990 নম্বৰৰ মাৰুতি ইগনিচ গাড়ীখন আজি পুৱা আৰক্ষীয়ে জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে৷
হীৰাবাবা আলিৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
Leave A Comment