• মৰাণত কাঠফুলা খাই মৃত্যু তৃতীয় শ্ৰেণীৰ ছাত্ৰী শোভাশ্ৰী শইকীয়াৰ

    আঞ্চলিক
    মৰাণত কাঠফুলা খাই মৃত্যু তৃতীয় শ্ৰেণীৰ ছাত্ৰী শোভাশ্ৰী শইকীয়াৰ
    ডিজিটেল ডেস্কঃ নিৰ্বাচনী ধামখুমীয়াৰ মাজতে মৰাণত শোকাৱহ ঘটনা। বিষাক্ত কাঠফুলা খাই শোভাশ্ৰী শইকীয়া নামৰ এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু। সোণাবৰ গগৈ নামৰ আন এজন লোক গুৰুতৰভাৱে অসুস্থ। মৰাণৰ ফটিকাচোৱা চকলীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা। 

    খৰি আনিবলৈ গৈ সোণাবৰ গগৈয়ে শুকুৰবাৰে হাবিৰ পৰা বুটলি আনিছিল বিষাক্ত কাঠফুলাসমূহ। সেইদিনাই কাঠফুলা খাইছিল মোমায়েক সোণাবৰ গগৈ আৰু ভাগিনীয়েক শোভাশ্ৰী শইকীয়াই। 

    নিশা দুয়ো অসুস্থ হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰয়াত আকাশ শইকীয়া আৰু মিতালী শইকীয়াৰ কন্যা শোভাশ্ৰী শইকীয়াৰ আজি চিকিৎসালয়তে মৃত্যু হয়। 

    অসুস্থ হৈ থকা মোমায়েক সোণাবৰ গগৈ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷ দেউতাকৰ মৃত্যুৰ পাছৰে পৰা শোভাশ্ৰীয়ে মোমায়েকৰ ঘৰতে নিজ মাতৃৰ সৈতে থাকি পঢ়া-শুনা কৰিছিল ৷ 

    মেধাৱী ছাত্ৰী শোভাশ্ৰীৰ মৃতদেহ আজি নিজে পঢ়া মৰাণ টাউন মধ্য ইংৰাজী বিদ্যালয়লৈ অনাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷

    ঘটনাটোক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।