ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ দুই যুৱকৰ। একেখন গাওঁৰে দুই যুৱকৰ মৃত্যু হয় তামিলনাডুত।
মৃত যুৱকদুজন মুকালমুৱাৰ ঘোৰাথাঁলৰ গাঁৱৰ সঞ্জয় দাস আৰু বিজু দাস। একেখন গাঁৱৰে ৬ যুৱক কৰ্মসূত্ৰে তামিলনাডুৰ কম্বাইটোৰৰ Kampargam Medical College and hospitalত কৰ্মৰত আছিল।
তাৰে চাৰিজন যুৱক এটা কোঠালিতে ভাড়াত আছিলে। নিশা শুই থকা অৱস্থাত ৪ যুৱকৰ দুজনৰ ৰহস্যজনকভাৱে মৃত্যু হয়। আগদিনালৈকে সম্পূৰ্ণ সুস্থ অৱস্থাত থকা যুৱক দুজনৰ মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে।
মৃত্যুৰ সঠিক কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। ইপিনে এই ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যুৱক দুজনৰ ঘোৰাথাঁলৰ নিজ গৃহত।
আৰ্থিকভাৱে দুৰ্বল পৰিয়াল দুটিয়ে মৃতদেহ নিজ ঘৰলৈ আনিবলৈ অক্ষম।
ইতিমধ্যে যুৱক দুজনৰ মৃতদেহ নাৰায়ণ ডেকাৰ প্ৰচেষ্টাত ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰা হৈছে।
Leave A Comment