• শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত উন্মোচন গুৰুজনাৰ 'বৃন্দাবনী বস্ত্ৰ'ৰ নতুন ৰূপ

    আঞ্চলিক
    শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত উন্মোচন গুৰুজনাৰ 'বৃন্দাবনী বস্ত্ৰ'ৰ নতুন ৰূপ
    ডিজিটেল ডেস্ক: মহাপুৰুষ শংকৰদেৱৰ বিস্ময়কৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ বিষয়ে জানিবলৈ অসমৰ সৰ্বসাধাৰণ লোকৰ মাজত যি কৌতূহল আৰু উৎসুকতাৰ সৃষ্টি হৈছে সেয়া বৰ্তমান এক জাগৰণলৈ ৰূপান্তৰিত হৈছে৷ বৃন্দাবনী বস্ত্ৰক লৈ ৰাজ্যত সৃষ্টি হোৱা এই জাগৰণক আজি এক নতুন মাত্ৰা প্ৰদান কৰি চিত্ৰ-ভাস্কৰ্য শিল্পী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ৰঞ্জিত কুমাৰ বৰুৱাই পাত-মুগাৰ সূতাৰে প্ৰস্তুত কৰি উলিওৱা শংকৰী যুগৰ কলাৰ সমাহাৰ বৃন্দাবনী বস্ত্ৰ  ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়৷ 

    যোৰহাটৰ চিত্ৰ-ভাস্কৰ্য শিল্পীগৰাকীয়ে একক প্ৰচেষ্টাৰে সুদীৰ্ঘ ৫ বছৰ কাল বিশ্বৰ বিভিন্ন দেশত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰৰ অনুকৃতিসমূহৰ অধ্যয়ন আৰু বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰি বয়ন সম্পূৰ্ণ কৰি প্ৰস্তুত কৰি উলিয়াইছে এই বৃন্দাবনী বস্ত্ৰখন৷ আজি ৰঞ্জিত কুমাৰ বৰুৱাই এই বৃন্দাবনী বস্ত্ৰখনক ৯৯.৫ শতাংশ কাৰিকৰীভাৱে নিখুঁত আৰু মহাপুৰুষজনৰ সৃষ্টিৰ আটাইতকৈ ওচৰৰ বুলি দাবী কৰি ইয়াত যদি কিবা খুঁত দেখা পায় সেয়া মুকলিভাৱে ব্যক্ত কৰিবলৈ সকলো পক্ষকে আহ্বান জনাই একপ্ৰকাৰ এইখনৰ বিশ্বাসযোগ্যতা আৰু তেওঁৰ নিখুঁতসৃষ্টিক অধিক সবল ৰূপত প্ৰতিষ্ঠা কৰে৷ ড॰ বৰুৱাই লগতে এটা গুৰুত্বপূৰ্ণ বিষয় তুলি ধৰি কয় যে বৃন্দাবনী বস্ত্ৰত যিবোৰ চিত্ৰ গুৰুজনাই অংকন কৰাইছিল সেই ছবিবোৰ ‘সচিত্ৰ ভাগৱত'ৰ ছবিবোৰৰ লগত নিমিলে, বৃন্দাবনী বস্ত্ৰৰ ছবিবোৰ বিমূৰ্ত৷ সেই দিশৰ পৰা মহাপুৰুষ শংকৰদেৱক বিশ্বৰ প্ৰথমগৰাকী বিমূৰ্ত ছবিৰ চিত্ৰকৰ বুলি ক'ব পাৰি৷ গুৰুজনাৰ সৃষ্টি চাৰে তিনিশ বছৰৰ পাছতহে পিকাছোৱে বিমূৰ্ত ছবিৰ সৃষ্টি কৰিছিল৷ আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত চিত্ৰ-ভাস্কৰ্য শিল্পীজনে প্ৰস্তুত কৰি উলিওৱা বৃন্দাবনী বস্ত্ৰখন মুকলি কৰি শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই কয় যে অতি আনন্দ আৰু অন্তৰত কিছু ভয় লৈ বৃন্দাবনী বস্ত্ৰখন ৰাইজৰ বাবে আগবঢ়াই দিয়া হৈছে৷ তেওঁ আশা প্ৰকাশ কৰে যে এই বস্ত্ৰখনে গুৰুজনাৰ সৃষ্টিক ৰাইজৰ ওচৰ চপাই নিয়াৰ লগতে গুৰু পৰম্পৰাক অধিক শক্তিশালী কৰিব৷ 

    শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰগৰাকীয়ে কয় যে আমি দেশৰ আগশাৰীৰ ধৰ্মগুৰুসকলৰ বিষয়ে জানো, তেনেহ'লে আমাৰ গুৰুজনাৰ বিষয়ে দেশৰ অন্য প্ৰান্তৰৰ মানুহে নাজানিব কিয়৷ ড॰ ৰঞ্জিত বৰুৱাৰ সৃষ্টিয়ে গুৰুজনাৰ বিষয়ে চৰ্চাৰ নতুন ধাৰা মুকলি কৰিব বুলি পদাধিকাৰগৰাকীয়ে আশা প্ৰকাশ কৰে৷ আনহাতে, সন্মানীয় অতিথিৰূপে উপস্থিত থাকি শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ মৃদুল হাজৰিকাই বিশ্ববিদ্যালয়খনে বৃন্দাবনী বস্ত্ৰৰ গৱেষণাৰ এটা ধাৰা আৰম্ভ কৰাৰ চেষ্টা চলাব বুলি ঘোষণা কৰে৷ অনুষ্ঠানটোত উপস্থিত থাকি ‘জনমভূমি'ৰ সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে এই দিনটোক এক ঐতিহাসিক দিনৰূপে অভিহিত কৰি কয় যে বৃন্দাবনী বস্ত্ৰৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱা আৰু এই চেতনা জাতীয় আন্দোলনত পৰিণত হ'বলৈ ধৰাটো শুভ লক্ষণ৷ ড॰ ৰঞ্জিত কুমাৰ বৰুৱাই বস্ত্ৰখন নিৰ্মাণ কৰোঁতে হৃদয়ত গুৰুজনাৰ প্ৰতি ধাৰণ কৰা ভক্তি আৰু ইয়াক লৈ কৰা সুদীৰ্ঘ দিনৰ গৱেষণাক আদৰ্শ হিচাপে ল'বলৈ আহ্বান জনাই কয় যে বৃন্দাবনী বস্ত্ৰখন নিৰ্মাণৰ আৰু প্ৰচেষ্টা চলিব পাৰে৷ কিন্তু যি প্ৰচেষ্টাই নহওক কিয় ই নিখুঁত আৰু গৱেষণালব্ধ হোৱা উচিত৷ তেওঁ আজিৰ এই অনুষ্ঠানৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো অধিৱেশনত বৃন্দাবনী বস্ত্ৰখনৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷ আনহাতে, ড॰ ৰঞ্জিত কুমাৰ দত্তই চৰিত পুথিৰ লগত প্ৰকৃত বৃন্দাবনী বস্ত্ৰৰ কিয় সাদৃশ্য নাই সেয়া বুজাই দিয়াৰ লগতে সাধাৰণ ৰাইজৰ মনত বৃন্দাবনী বস্ত্ৰখন কেনেকৈ অসমৰ পৰা গৈ বিদেশ পালেগৈ সেই সম্পৰ্কে থকা ব্যাপক কৌতূহলৰো নিৰসন কৰি বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷ বৃন্দাবনী বস্ত্ৰ অসমৰ পৰা ভূটান, ভূটানৰ পৰা তিব্বত আৰু তিব্বতৰ পৰা লণ্ডন পৰিক্ৰমাৰ আমোদজনক ব্যাখ্যা তেওঁ দাঙি ধৰে৷ 

    শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই শংকৰদেৱ সংঘৰ মজিয়াত এই বৃন্দাবনী বস্ত্ৰখন মুকলি কৰিবলৈ পাই অতিশয় আনন্দিত অনুভৱ কৰিছে বুলি ব্যক্ত কৰে৷  অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰায়ো উপস্থিত থাকি ড॰ ৰঞ্জিত বৰুৱাৰ অৱদানক প্ৰশংসা কৰে৷ এই প্ৰসংগতে উল্লেখযোগ্য যে চিত্ৰ-ভাস্কৰ্য শিল্পী ড॰ ৰঞ্জিত কুমাৰ বৰুৱাই লণ্ডন, আমেৰিকা, ইটালি, পেৰিছ আৰু আহমেদাবাদকে ধৰি বিশ্বৰ বিভিন্ন স্থানৰ সংগ্ৰহালয়সমূহত শংকৰী যুগৰ বৃন্দাবনী বস্ত্ৰখন সংৰক্ষিত হৈ আছে যদিও ইয়াৰ দৰ্শন সকলোৰে বাবে সহজসাধ্য নোহোৱাৰ ববে সকলোৱে যাতে এইখন সহজে দৰ্শন কৰিব পাৰে তাৰ উদ্দেশ্যে এই বৃহৎ কাম আৰম্ভ কৰে৷ এই লক্ষ্যৰে তেওঁ প্ৰথম পৰ্যায়ত পাশ্চাত্যৰ বিভিন্ন সংগ্ৰহালয়ত সংৰক্ষিত ২০ খণ্ড বস্ত্ৰৰ তথ্যসমূহ সংগ্ৰহ কৰি চৰিত পুথি আৰু চিত্ৰ ভাগৱত পুথি চিত্ৰৰ লগত তুলনা কৰি প্ৰায় ৫ বছৰ গৱেষণামূলক অধ্যয়নৰ পাছত বৃন্দাবনী বস্ত্ৰৰ মূল কলা সমাহাৰকে ধৰি আনুষংগিক তথ্যবোৰ উদ্ধাৰ কৰাৰ কাম হাতত লয়৷

     দ্বিতীয় পৰ্যায়ত বৃন্দাবনী বস্ত্ৰৰ সকলো তথ্য জুকিয়াই লৈ এখন এলবামৰ দৰে পাণ্ডুলিপি প্ৰস্তুত কৰি কাৰিকৰী দিশবোৰ নিখুঁতভাৱে পৰ্যবেক্ষণ কৰা হয়৷ তৃতীয় পৰ্যায়ত সংৰক্ষিত বৃন্দাবনী বস্ত্ৰৰ আজিলৈ ১০ ফুট আৰু ৪০ ফুটৰ কেনভাছটত এখন চিত্ৰ পৰীক্ষামূলকভাৱে অংকন কৰা হয়৷ এই গৱেষণাধৰ্মী চিত্ৰখনত ইতিবৃত্ত, দৰ্শন, কলা সমাহাৰ আৰু বিজ্ঞানভিত্তিক বিশ্লেষণ সন্নিৱিষ্ট কৰা হয়৷ ইয়াৰ পাছতেই মূল কাপোৰত বৃন্দাবনী বস্ত্ৰৰ নিৰ্মাণৰ কাম তেওঁ আৰম্ভ কৰে৷ পঞ্চম পৰ্যায়ত পাশ্চাত্যত সংৰক্ষিত বস্ত্ৰসমূহত থকা ৪৭টা বেলেগ বেলেগ চিত্ৰ বাছি উলিয়াই এই প্ৰতীকবোৰৰ পৰা বয়ন শৈলীত ব্যৱহাৰ কৰিব পৰাকৈ চানেকি প্ৰস্তুত কৰি ২০২২ চনৰ ৬ ডিচেম্বৰত যোৰহাটত তাঁতশাল বহুৱাই বয়নৰ কাম আৰম্ভ কৰে আৰু ২০২৩ চনৰ ২৩ আগষ্টত বস্ত্ৰৰ প্ৰস্তুতিৰ কাম সম্পূৰ্ণ কৰে৷