ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটীৰ এখন ব্যতিক্ৰমী শিৱ পূজা। হিন্দু লোকৰ দ্বাৰা নহয়, ইছলামধৰ্মী লোকৰ তত্ত্বাবধানত উদযাপিত হৈ আহিছে মহাশিৱৰাত্ৰি।
শ শ বছৰ ধৰি উত্তৰ গুৱাহাটী বৰ ৰংমহলত অৱস্থিত ভাঙুৰী বাবাৰ থানখনি পৰিচালিত হৈ আহিছে ইছলামধৰ্মী লোকৰ দ্বাৰা। হিন্দু মুছলমানৰ সমন্বয়ৰ বতৰা কঢ়িওয়া এই থানখনি তদাৰক কৰে মতিউৰ ৰহমান নামৰ এজন বৃদ্ধই।
ৰহমানৰ পূৰ্বপুৰুষে সংস্থাপিত কৰা এটি শিলত এতিয়াও পূজা-অৰ্চনা হৈ আহিছে ভাঙুৰী বাবাৰ।
মতিওৰ ৰহমানৰ ঘৰৰ পাছফালে অৱস্থিত ভাঙুৰী বাবাৰ থানৰ অপাৰ মহিমাৰ বাবেই এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হয় এই থানলৈ।
কোৱা হয় হিন্দুৱে হিন্দুৰ ৰীতিৰে পূজা-অৰ্চনা আৰু ইছলাম ধৰ্মীয়ে নিজৰ ৰীতিৰে ভাঙুৰা বাবাক দোৱা কৰে।
এইবেলিও মতিউৰ ৰহমানে নিজেই উদ্যোগ লৈছে শিৱৰাত্ৰিৰ।
এই থানখনে সমগ্ৰ অঞ্চলতে প্ৰেৰণ কৰি আছে হিন্দু-মুছলমানৰ একতাৰ বাণী।
Leave A Comment