ডিজিটেল ডেস্কঃ চুমি বৰা-বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰীৰ পাছত এইবাৰ পোহৰলৈ আহিছে অসমৰ আন এগৰাকী ট্ৰেডিং কেলেংকাৰীৰ খলনায়কৰ খবৰ।
ট্ৰেডিং কেলেংকাৰীৰ যেন অন্তই নোহোৱা হৈছে অসমত! এইবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বৰাকৰ ছাকিৰ আহমেদে। বৰ্তমান আৰক্ষীৰ জালত ছাকিৰ।
অনলাইন ট্ৰেডিঙৰ নামত ৪০০কোটি টকা লুটি পলায়ন কৰিছিল ছাকিৰে। কিন্তু আৰক্ষীৰ হাতত ধৰা নপৰিবলৈ নিজৰ ৰূপ সলাইছিল ছাকিৰে। দাড়ি-চুলি দীঘল কৰি কলকাতাত আত্মগোপন কৰি আছিল ছাকিৰে।
বৰাকৰ ভিন্ন প্ৰান্তৰ পৰা ধন সংগ্ৰহ কৰা লুকাই আছিল ছাকিৰ আহমেদ। অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ ছাকিৰৰ বিৰুদ্ধে। বৰাক ভূমিৰ তিনিখন জিলাত বিয়াগোম কেলেংকাৰীৰ জাল মেলিছিল ছাকিৰে।
ইয়াৰ পিছত এজন ভুক্তভোগীয়ে বদৰপুৰ থানাত (কেছ নম্বৰ ৪৮/২৫) ১৩ জন ব্যক্তিৰ নাম উল্লেখ কৰি এফআইআৰ দাখিল কৰে। পিছত এই তদন্ত চিবিআইলৈ হস্তান্তৰ কৰা হয়।
যথেষ্ট আৰ্থিক লোকচানৰ পিছতো বহু ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিব পৰা নাছিল বুলি জানিব পৰা গৈছে।
ৰাইজৰ ধন লুটি-পুতি খোৱা ছাকিৰে ৰেঞ্জ ৰোভাৰ গাড়ীকে ধৰি লাখ লাখ টকীয়া বিলাসী বাহন ক্ৰয় কৰিছিল ছাকিৰে। লোকৰ ধনেৰে এক বিলাসী জীৱন যাপন কৰিছিল বৰাকৰ ছাকিৰে।
অৱশেষত শ্ৰীভূমি আৰক্ষীয়ে ৫৪৩/২০২৪ নম্বৰৰ শ্ব মট’ গোচৰ ৰুজু কৰি ছাকিৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল। আৰক্ষীয়ে প্ৰবঞ্চকটোক কলকাতাত ধৰিবলৈ সক্ষম হয়। কলকাতাৰ পৰা শ্ৰীভূমিলৈ লৈ অনা হয় ছাকিৰক।
ছাকিৰৰ লগতে ছাকিৰৰ সহযোগী ছাকিলকো আৰক্ষীয়ে আটক কৰিবলৈ হয়।
Leave A Comment