• কালে কাঢ়ি নিলে সোণালী সপোন; আত্মীয়ৰ বিয়ালৈ গৈ দুৰ্ঘটনাত মৃত্যু হ’ল স্বামী-পত্নী আৰু তিনিবছৰীয়া কন্যাৰ

    আঞ্চলিক
    কালে কাঢ়ি নিলে সোণালী সপোন; আত্মীয়ৰ বিয়ালৈ গৈ দুৰ্ঘটনাত মৃত্যু হ’ল স্বামী-পত্নী আৰু তিনিবছৰীয়া কন্যাৰ
    ডিজিটেল ডেস্ক: ঘৰৰ পৰা ওলাই গৈছিল আনন্দ মনেৰে৷ বহুদিনৰ পৰা হেঁপাহেৰে ৰৈ আছিল বিয়াখনলৈ৷ কিন্তু আদবাটতে ৰৈ আছিল বিপদ৷ বিয়াঘৰ পোৱাৰ পূৰ্বে মৃত্যু একেটা পৰিয়ালৰে ৩গৰাকী সদস্যৰ। ওৰাং চাহ বাগিচালৈ আত্মীয়ৰ বিয়াত উপস্থিত হোৱাৰ উদ্দেশ্যৰে যোৱানিশা মিছামাৰীৰ গৰুবন্ধাৰ পৰা গৈছিল এটা পৰিয়াল। পৰিয়ালটো আছিল অসম ৰাইফলচৰ জোৱান সুভাষ ওৰাঙৰ। পৰিয়ালসহিতে মিছামাৰীৰ গৰুবন্ধাৰ পৰা ওৰাং চাহ বাগিচালৈ গৈছিল সুভাষৰ পৰিয়ালটো। সুভাষৰ পত্নীৰ ককায়েকৰ ঘৰপোৱাৰ পূৰ্বে ১৫নং ৰাষ্টীয় ঘাইপথৰ ওৰাং থানাৰ সন্মুখত ৰৈ থকা এখন কণ্টেইনাৰৰ সৈতে সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো৷ দুৰ্ঘটনাত থিতাতে নিহত হয় সুভাষ ওৰাং, পত্নী অৰ্চনা প্ৰজা ওৰাং। গুৰুতৰভাবে আহত হয় তিনিগৰাকীকৈ লোক। অৱশেষত তেজপুৰ চিকিৎসালয়ত শেষ নিস্বাস ত্যাগ কৰে নিহত সুভাষ আৰু অৰ্চনাৰ তিনিবছৰীয়া কন্যা সন্তান অনন্যা ওৰাঙে। 

    একেটা পৰিয়ালৰ ৩ জনকৈ লোকৰ মৃত্যুৰ পাছতে শোকাকুল হৈ পৰে ওৰাং অঞ্চল। তেজপুৰৰ গৰুবন্ধাৰ পৰা গুৱাহাটী অভিমুখে অহা AS 12 Y 2263 নম্বৰৰ
    আই টেন গ্ৰেণ্ড বাহনখনে প্ৰচণ্ড জোৰে আহি ওৰাং আৰক্ষী থানাৰ সন্মুখত ৰৈ থকা টাটা WB-11D-3705 নম্বৰৰ কণ্টেইনাৰত পিছফালে খুন্দা মৰাৰ ফলত i10 গ্ৰেণ্ড গাড়ীখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। লগে লগে ঘটনাস্থলীতে ২ জন লোকৰ মৃত্যু হয়৷ দুৰ্ঘটনাৰ লগে লগে ওৰাং আৰক্ষী থানাই গুৰুতৰভাবে আহত ৩ গৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। গুৰুতৰভাবে আহত তিনিগৰাকীৰ ভিতৰত এগৰাকী ৩ বছৰীয়া শিশু, এগৰাকী ১৪ বছৰীয়া কিশোৰী। দুৰ্ঘটনাস্থলীত তৎকালেই মজাবাট ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। 

    ইফালে দুৰ্ঘটনাটোৰ বাবে ওৰাং আৰক্ষীক জগৰীয়া কৰিছে স্থানীয় ৰাইজে। কি কাৰণত ওৰাং আৰক্ষীয়ে বৃহৎ কণ্টেইনাৰ বাহনখন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰাখি থৈছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে নিহতৰ আত্মীয়ই। ওৰাং আৰক্ষীয়ে থানাৰ সন্মুখত কোনো সংকেত নিদিয়াকৈ বাহনখন ৰখাই থোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে নিহত পৰিয়ালটোৰ আত্মীয়ই। 

    ইফালে নিহত পৰিয়ালটোৰ তিনিওগৰাকী সদস্যকে মৰোণত্তৰ পৰীক্ষাৰ বাবে ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।