ডিজিটেল ডেস্কঃ বহু কষ্ট কৰি নিজৰ খেতিডৰা কৰিছিল এগৰাকী উদ্যমী মহিলাই। লহপহকৈ বাঢ়ি আহিছিল খেতিডৰা। পিছে দুস্কৃতিকাৰীয়ে মহিলাগৰাকীৰ সপোনত কুঠাৰাঘাত কৰিলে। মহিলাগৰাকীৰ সপোন চূৰমাৰ কৰি পেলালে দুস্কৃতিকাৰীয়ে। এই ঘটনা তামুলপুৰৰ৷
মহিলাগৰাকীৰ নাম জুমা শৰ্মা। স্বামীয়ে বহিঃৰাজ্যৰ কোম্পানীত কাম কৰে। একমাত্ৰ পুত্ৰই গুৱাহাটীত থাকি অধ্যয়ন কৰি আছে। তাৰ মাজতে নিজৰ ব্যস্ততাৰ বাবে মহিলাগৰাকীয়ে পৰিত্যক্ত ৮ বিঘা মাটিত কৃষিকাৰ্য আৰম্ভ কৰিছিল। দিনৰ দিনটো কৃষিডৰাতে লাগি আছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে তামোলৰ বাগান আৰু কলগছৰ খেতি কৰিছিল।
পিছে মহিলাগৰাকীৰ এই কৃষিডৰা দেখি সহ্য হোৱা নাছিল চকু চৰহা লোকৰ। তামুলপুৰ অঞ্চলৰ শশীপুৰৰ ঘটনা এয়া। এফালৰ পৰা জ্বলি ভস্মীভূত হৈ পৰিল মহিলাগৰাকীৰ কৃষিডৰা।
শুকুৰবাৰে বিয়লিৰ ভাগত কোনো দুস্কৃতিকাৰীয়ে মহিলাগৰাকীৰ সপোনৰ কৃষিডৰা জ্বলাই দিলে। ৮ বিঘা মাতিৰ কৃষিডৰা ইতিমধ্যে জ্বলি ভস্মীভূত হৈ পৰিছে। বহু কষ্টৰে কৰা কৃষিডৰাৰ এই দৃশ্য দেখি হিয়া ঢাকুৰি কান্দিছে জুমা শৰ্মাই।
ইতিমধ্যে জুমা শৰ্মাই দৰংগামেলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ পিছত আৰক্ষীৰ লোক আহি নিয়ম মাফিক তদন্তও কৰিছে। পিছে দুস্কৃতিকাৰী জালত পৰিবনে? ন্যায় পাব নে মহিলাগৰাকীয়ে ? সেয়াই এতিয়া লাখটকীয়া প্ৰশ্ন।
এনে মহাপাপ কেতিয়াও কৰিব নাপায়। ইয়াত বিচাৰৰ সন্মুখীন নহ’লেও, নেদেখাজনৰ আদালতত বিচাৰৰ সন্মুখীন হ’বই লাগিব, তাৰপৰা কোনেও নিস্তাৰ নাপায়...আৰ্জিলে পাপ ভুঞ্জিবই লাগিব...এয়াই অলিখিত নিয়ম।
Leave A Comment