comScore
  • ২০২৫ বৰ্ষৰ ‘পদ্ম’ বঁটা ঘোষণা ; অসমৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান

    আঞ্চলিক
    ২০২৫ বৰ্ষৰ ‘পদ্ম’ বঁটা ঘোষণা ; অসমৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান
    ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে ‘পদ্ম’ বঁটা। ২০২৫ বৰ্ষৰ বাবে ঘোষিত ‘পদ্ম’বঁটাৰ বাবে নিৰ্বাচিত হৈছে দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে তেওঁলোকলৈ আগবঢ়োৱা হৈছে সন্মানীয় ‘পদ্ম’ বঁটা।

    গণৰাজ্য দিৱসৰ এদিন পূৰ্বে আজি অৰ্থাৎ ২৫ জানুৱাৰী ২০২৫ তাৰিখে কেন্দ্ৰীয় চৰকাৰে পদ্ম বঁটা ২০২৫ৰ বিজয়ীক ঘোষণা কৰে। এই বিজয়ীসকলৰ ভিতৰত ৭ গৰাকীক পদ্ম বিভূষণ, ১৯ গৰাকীক পদ্মভূষণ আৰু ১১৩ গৰাকী ব্যক্তিত্বক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে। এই তালিকাত দেশৰ মুঠ ১৩৯ গৰাকী বৃহৎ ব্যক্তিত্বৰ নাম সন্নিবিষ্ট কৰা হৈছে।

    সাধাৰণতে প্ৰতি বছৰে মাৰ্চ বা এপ্ৰিলৰ আশে-পাশে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক আনুষ্ঠানিক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান এই বঁটাসমূহৰ ভিতৰত অসমৰ বৃহৎ ব্যক্তিত্বৰ নাম সন্নিবিষ্ট কৰা হৈছে। 

    কলা, সামাজিক কাৰ্য, জনসংযোগ, বিজ্ঞান, অভিযান্ত্ৰিক, চিকিৎসা, সাহিত্য, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ স্বীকৃতি স্বৰূপে পদ্ম বঁটা প্ৰদান কৰা হয়।

    অসমৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মানঃ

    যতীন গোস্বামী – কলা শাখাত পদ্ম ভূষণ।
    অনিল কুমাৰ বড়ো – সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত পদ্মশ্ৰী।
    জয়নাচৰণ বাথৰী – কলাৰ ক্ষেত্ৰত পদ্মশ্ৰী।
    গীতা উপাধ্যায় – সাহিত্য আৰু শিক্ষাৰ শাখাত পদ্মশ্ৰী।
    ৰেবা কান্ত মহন্ত – কলা শাখাত পদ্মশ্ৰী।


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam