• স্বত্বাধিকাৰী আৰু ৰোগীয়ে একেলগে সেৱন কৰে ড্ৰাগছ! মহানগৰীত নিচামুক্তি কেন্দ্রৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

    আঞ্চলিক
    স্বত্বাধিকাৰী আৰু ৰোগীয়ে একেলগে সেৱন কৰে ড্ৰাগছ! মহানগৰীত নিচামুক্তি কেন্দ্রৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
    ডিজিটেল ডেস্কঃ  মহানগৰীত নিচামুক্তি কেন্দ্রৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।

    স্বত্বাধিকাৰী আৰু ৰোগীয়ে একেলগে সেৱন কৰে ড্ৰাগছ।

    এই ভয়ংকৰ অভিযোগ তুলিছিল স্থানীয় লোকে।


    বুধবাৰে সন্ধিয়াৰ ভাগত নিচামুক্তি কেন্দ্ৰটোত কাজিয়াৰ সৃষ্টি হৈছিল।

    স্থানীয় লোকে দিছপুৰ আৰক্ষীক খবৰ দিয়াত দিছপুৰ আৰক্ষীৰ এটি দল আহি ঘটনাৰ বুজ লয়।

    চৰম বিতৰ্কিত Peace wellness Centre ৰ বিৰুদ্ধে এই ভয়াৱহ অভিযোগ।

    পূর্বেও একেটা নিচামুক্তি কেন্দ্রৰ বিৰুদ্ধে উঠিছিল বহু ভয়ংকৰ অভিযোগ।

    বিভাগীয় মন্ত্ৰীৰ ধমকলৈও কেৰেপ নকৰে বিতৰ্কিত নিচামুক্তি কেন্দ্ৰটোৱে।

    উক্ত নিচামুক্তি কেন্দ্ৰটোৱত কিছুদিন পূর্বেই মন্ত্রী পীযুষ হাজৰিকা উপস্থিত হৈছিল।

    নিচামুক্তি কেন্দ্রটোৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি একাংশই চলাই গৈছে নিচামুক্তি কেন্দ্র।

    পূৰ্বতেও নিচামুক্তি কেন্দ্ৰটোৰ কেইবাগৰাকীও আবাসীক অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ কৰাৰো অভিযোগ উঠিছিল।

    পূৰ্বেও Peace wellness Centre ৰ স্বত্বাধিকাৰীক তলব কৰিছিল ৰাজ্যিক নিচাযুক্ত আৰু মাদ্ৰক দ্ৰব্য নিবাৰণী পৰিষদে।

    ঘটনা সন্দৰ্ভত   আৰক্ষী আৰু মাদ্ৰক দ্ৰব্য নিবাৰণী পৰিষদে অভিযান চলাই আছে।