ডিজিটেল ডেস্কঃ গুৱাহাটীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাবটিলে ঘগ্ৰাপাৰ থানাৰ OC বিৰিঞ্চি দাসে।
এখন ছুইফট ডিজায়াৰ বাহনৰ খুণ্ডাত মৃত্যু আৰক্ষী বিষয়াগৰাকীৰ। মহানগৰীৰ লালমাটিত ঘটিছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰ বেগী চুইফট বাহনে মহতিয়াই নিলে স্কুটিৰে গৈ থকা বিৰিঞ্চি দাসক। নিমিষতে চূৰ্ণ বিচুৰ্ণ হৈ পৰে স্কুটিখন।
থিতাতে নিহত হয় আৰক্ষী বিষয়া বিৰিঞ্চি দাস। এমাহৰ চুটিত আছিল আৰক্ষী বিষয়া গৰাকী। মাতৃ বিয়োগৰ লৈছিল এমাহৰ ছুটী।
স্কুটিখনক খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ মাজত পৰে চুইফট বাহনখন। চুইফট বাহনখনৰ নম্বৰ AS 01AY 9101।
ঘটনাস্থলীৰ পৰা পলায়ন কৰে চুইফট বাহনখনৰ চালক। জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ লওঁতে বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে স্কুটিখনক।
নিশা প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে উক্ত স্থানত। পূৰ্বে যোৰাবাট, পাণবজাৰ আৰক্ষী থানাত কৰ্মৰত আছিল বিৰিঞ্চি দাস।
Leave A Comment