ডিজিটেল ডেস্কঃ কলগাছিয়াৰ ছনপুৰাত বাইক আৰোহীৰ পৰা উৎকোচ লৈ নিলম্বিত এজন আৰক্ষী।
বৰপেটা ডি ই এফৰ এ বি কনিষ্টবল ৫৯১- সঞ্জয় কলিতাক নিলম্বন কৰিছে বৰপেটা জিলা আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই। কনিষ্টবল গৰাকীক নিলম্বন কৰাৰ লগতে আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
AB Constable 591 সঞ্জয় কলিতাক তৎক্ষণাৎ নিলম্বন কৰা কাৰ্যক বৰপেটা আৰক্ষীক ধন্যবাদ জনাইছে ৰাইজে।
কলগাছিয়াৰ ছনপুৰাত হেলমেট নথকা বাইক আৰোহীৰ পৰা আৰক্ষীয়ে অবৈধভাৱে ধন সংগ্ৰহ কৰা দৃশ্য মোবাইলত বন্দী হৈছিল৷
টকাৰ ৰচিদ নিদিয়াকৈ ঘটনাস্থলীৰ পৰা গুচি গৈছিল আৰক্ষী সঞ্জয় কলিতা।
প্ৰথমে আৰক্ষী গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাছিল যদিও বৰপেটা আৰক্ষীৰ তদন্তৰ পিছত চিনাক্ত কৰা হৈছে নিলম্বিত সঞ্জয় কলিতাক।
বাতৰি সংগ্ৰহঃ জাহিদুল ইছলাম, কলগাছিয়া
Leave A Comment