ডিজিটেল ডেস্ক: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন হ’ল শিল্পী দিৱস৷ আজি শিল্পী দিৱসৰ দিনটোতে গুৱাহাটী বিশ্ববিদ্যালয়ে উপাচাৰ্য্যৰ কাৰ্যালয়ত এক বিশেষ সভা অনুষ্ঠিত কৰে৷ এই সভাতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কিছু কীৰ্তীৰ সংৰক্ষণ আৰু ডিজিটেলাইজেশ্যন, ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু বিশ্ববিদ্যালয়ৰ ইণ্টাৰ্নশ্বিপ, চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সংশোধনৰ লগতে বিশ্ববিদ্যালয়ৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ বাবে লবলগীয়া পদক্ষেপ সমূহৰ ওপৰতো আলোচনা কৰে৷
উপৰোক্ত বিষয় সমূহৰ ওপৰত আলোকপাত কৰি উপাচাৰ্য ননী গোপাল মহন্তই বক্তব্য আগবঢ়ায় যে জাতীয় কলা সংস্কৃতিৰ ধ্বজাবাহক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি অপৰিসীম অৱদান আছে৷ সেয়েহে গুৱাহাটী বিশ্ববিদ্যালয় কতৃপক্ষই ৰূপকোঁৱৰৰ সকলো বোৰ আপুৰুগীয়া সৃষ্টি ৰাজি স-সন্মানেৰে বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত সংৰক্ষণ কৰাৰ পদক্ষেপ হাতত লৈছে৷
তদুপৰি যুগদ্ৰষ্টা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি প্ৰণিপাত স্বৰূপে বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ সহযোগত এই আপুৰুগীয়া সৃষ্টি ৰাজি সমূহ ডিজিটেল ভাবে সংৰক্ষণ কৰি ৰূপকোঁৱৰৰ যুগমীয়া কৃতিত্বক পৰৱৰ্তী প্ৰজন্মৰ মাজলৈ বিয়পাই নিয়াৰ এক পন্থাও হাতত লোৱা বুলি সদৰি কৰে৷
বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড° ভাৰতী ভৰালীৰ তত্বাৱধানত এই সংৰক্ষণ কাৰ্যসূচী আগবাঢ়ে আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাচোঁগৰাকী কন্যাই এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ক সম্পূৰ্ণ সহায় কৰিব বুলি প্ৰতিশ্ৰুতি আগবঢ়ায়৷
ইয়াৰোপৰি এই সভাতে হোষ্টেলৰ সমূহৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ মতামত আগবঢ়ায়৷ইউনিভাৰ্ছিটি বন্ধৰ সময়ত ছাত্ৰ ছাত্ৰী সকল হোষ্টেলৰ পৰা ঘৰলৈ যাব লাগিব আৰু সেই সময়তে কতৃপক্ষই শৃংখলাবদ্ধ ভাবে হোষ্টেল সমূহৰ চাফ-চিকুনৰ কাম কৰিব৷
আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিতো জনসংখ্যা নিৰ্ণায়ক যন্ত্ৰ আছে আৰু সেই যন্ত্ৰৰ দ্বাৰা লাভ কৰা তথ্যবোৰ চৰকাৰ তথা গৱেষক সকলোলৈ মুকলি কৰাৰ পদক্ষেপো হাতত লয়৷লগতে জাগীৰোডৰ চেমি কন্দাক্টৰ ইউনিভাৰ্ছিটিৰ আন্দাৰত থাকিবলগীয়া কৰ্চ সমূহ যেনে ‘I O T’,‘A I’, ‘মেছিন লাৰনিং’ ইত্যাদি গুৱাহাটী বিশ্ববিদ্যালয়তো লাভ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে৷ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি যিহেতু স্নাতক পাঠ্যক্ৰম চাৰি বছৰীয়া কৰা হৈছে সেই পাঠ্যক্ৰমত পূৰ্বে এটা বিষয়ৰ লগত দুটাকৈ মাইনৰ চাবজেক্ট আছিল, কিন্তু এখন মেজৰ চাবজেক্টৰ লগত এখনেই মাইনৰ চাবজেক্ট দিয়া হৈছে এতিয়া ছাত্ৰ ছাত্ৰী সকলৰ আপত্তি দৰ্শাইছে৷
Leave A Comment