ডিজিটেল ডেস্ক: হাড়গিলা সংৰক্ষণৰ বাবে বিশ্ব দৰবাৰত পুনৰ জিলিকিল পূর্ণিমা দেৱী বৰ্মন। বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ দ্বাৰা বিশ্বজুৰি সমাদৰ লাভ কৰিছে পূর্ণিমা দেৱী বৰ্মনে। ভাৰতীয় জীৱবিজ্ঞানী তথা অসম সন্তান ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ বিশেষ সন্মান আগবঢ়াইছে 'টাইম' আলোচনীয়ে।
বিশ্বৰ বিলুপ্ত পক্ষীবিধৰ সংৰক্ষণ তথা বংশ-বৃদ্ধিৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাৰ বাবেই ড° পূর্ণিমা দেৱী বর্মনলৈ বিখ্যাত 'টাইম' আলোচনীয়ে ২০২৫ বৰ্ষৰ 'বৰ্ষশ্রেষ্ঠ মহিলা'ৰ স্বীকৃতি প্রদান কৰিছে।বৰ্ষশ্রেষ্ঠ মহিলা'ৰ তালিকাত স্থান লাভ কৰা ৪৫ বছৰীয়া ড৹ পূৰ্ণিমা দেৱী বৰ্মন হৈছে সেই তালিকাত থকা একমাত্ৰ ভাৰতীয় মহিলা।
উল্লেখযোগ্য যে বিলুপ্তপ্ৰায় হাড়গিলাৰ সংৰক্ষণৰ বাবে কেৱল অসমতে নহয়, বিশ্বজুৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ড৹ পূৰ্ণিমা দেৱী বৰ্মনে। যাৰ বাবে বৰ্তমান সময়ত অসমৰ বহু অঞ্চলৰ ৰাইজ এই ক্ষেত্ৰত সজাগ হৈছে। পূর্ণিমা দেৱী বৰ্মন বিলুপ্তপ্রায় হাড়গিলাৰ শৃংখলাৱদ্ধ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে বিশেষভাৱে জনাজাত। তেওঁ কামৰূপ জিলাৰ দদৰাত 'হাড়গিলা' চৰাইৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক লগত লৈ গঠন কৰিছে হাড়গিলা আৰ্মি নামৰ এটা দল।আনহাতে ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান 'গ্রীন অস্কাৰ'ৰে সন্মানিত অসম জীয়ৰী পূর্ণিমা দেৱী বৰ্মনে বিশ্ব বিখ্যাত টাইম আলোচনীৰ বৰ্ষশ্রেষ্ঠ মহিলা স্বীকৃতি লাভ কৰা প্রথমগৰাকী অসমীয়া হিচাপেও পৰিগণিত হৈছে।
(দৈনিক জনমভূমিৰ প্ৰতিবেদন)
Leave A Comment