• ১৭ এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰ চলাব মোদী আৰু ৰাহুল গান্ধীয়ে; ৰাজ্যত জোৰেৰে বলিছে নিৰ্বাচনী বতাহ

    আঞ্চলিক
    ১৭ এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰ চলাব মোদী আৰু ৰাহুল গান্ধীয়ে; ৰাজ্যত জোৰেৰে বলিছে নিৰ্বাচনী বতাহ
    ডিজিটেল ডেস্ক: ব’হাগ বিহুক লৈ ৰাজ্য উখল-মাখল হৈ থকাৰ সময়তে ১৭ এপ্ৰিলত অসমলৈ আহিব বিজেপি-কংগ্ৰেছৰ দুই শীৰ্ষ নেতা প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধী৷ একেটা দিনতে প্ৰধানমন্ত্ৰী মোদী আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ভ্ৰমণ কৰিব অসম৷

    নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণলৈ আহিব৷ সিদিনাই অসমলৈ আহিব ৰাহুল গান্ধীও৷ প্ৰদেশ কংগ্ৰেছে সদৰী কৰা মতে নিখিল ভাৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ১৭ এপ্ৰিলত অসমত নিৰ্বাচনী প্ৰচাৰ চলাব। সেইদিনা যোৰহাট আৰু ডিব্ৰুগড়ত দুখন জনসভাত অংশ ল’ব কংগ্ৰেছৰ নেতাজনে।

    যোৰহাটত কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত পুৱা ১১ বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে। তাৰ পাছত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ হৈ ৰাহুল গান্ধীয়ে ডিব্ৰুগড়ত দিনৰ ১ বজাত নিৰ্বাচনী প্ৰচাৰ চলাব। গান্ধীয়ে দুটাকৈ সমষ্টিৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰিব বুলি জানিব পৰা গৈছে৷

    একেদৰে কংগ্ৰেছৰ মহাসচিব জয়ৰাম ৰমেশ দুদিনীয়া কাৰ্যসূচীৰে আজি অসমত উপস্থিত হ’বহি৷ আজি সন্ধিয়া যোৰহাটত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সম্বোধন কৰিব সংবাদমেল৷ কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবত বিয়লি ৩.৩০ বজাত কংগ্ৰেছৰ নেতাগৰাকীয়ে আন এখন সংবাদমেল সম্বোধন কৰিব৷

    আনহাতে, পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে ১৭ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ বৰকুৰাৰ বিদ্যাঞ্চল বিদ্যালয়ৰ খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ জনসভা সাফল্যমণ্ডিত কৰাৰ বাবে ৰাজ্যিক বিজেপিয়ে চলাইছে পূৰ্ণপ্ৰস্তুতি৷
    প্ৰধানমন্ত্ৰীৰ জনসভাত দুই লক্ষাধিক লোকৰ সমাগম হ’ব বুলি ধাৰণা কৰিছে অসম বিজেপিয়ে৷