• অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিকৰ উদ্যোগত বীৰ তাপূক কৈবৰ্তৰ জীৱনী গ্ৰন্থ উন্মোচন

    আঞ্চলিক
    অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিকৰ উদ্যোগত বীৰ তাপূক কৈবৰ্তৰ জীৱনী গ্ৰন্থ উন্মোচন
    ডিজিটেল ডেস্ক : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত ৭০০ ৰো অধিক বিশ্বৰ সৰ্বাধিক গ্ৰন্থৰ লেখক বিশিষ্ট সাহিত্যিক, ৰহস্য সম্ৰাট, 'বিপন্ন বিস্ময় খেল' নামৰ শিশু উপন্যাসৰ বাবে ২০২৪ চনৰ শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক লেখকৰ ৰজা ৰঞ্জু হাজৰিকাক আজি আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনাই। 

    অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাওঁ জিলা সমিতিৰ উপ সভাপতি চন্দন ফুকন আৰু যুটীয়া সম্পাদক দিব্যজিত বৰাই আঁত ধৰা অনুষ্ঠানটোত শোভাবৰ্ধন কৰে পুৰণিগুদামৰ সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়ন দেৱ, পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতা, সম্পাদক হিৰণ্য কুমাৰ শৰ্মা, কাৰ্যকৰী সভাপতি প্ৰফুল্ল বৰা, বিপুল মজিন্দাৰ, জ্যোতিৰ্ময় গোস্বামী, প্ৰবীণ বৈৰাগী, শিশুবন্ধু দুলাল বৰা,যুৱ-ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ বিষয়ববীয়া অজয়জ্যোতি বৰুৱাকে প্ৰমুখ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিৰ সভাপতি প্ৰাণকৃষ্ণ ডেকা, সম্পাদক মাহমুদৰ ৰহমান আঞ্চলিক সমিতিৰ খলিলুৰ ৰহমান, প্ৰাণজিত বৰা, জ্যোতি বৰা, চাজিদ হুছেইন আৰু কেইবাজনো ব্যক্তি উপস্থিত থাকি ৰঞ্জু হাজৰিকাক এখন চেলেং চাদৰ, বিহুৱান গামোচা, এটা স্মাৰক, জাপি আদিৰ লগতে এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা  জনাই। লগতে পুৰণিগুদাম কবি সন্মিলনৰ তৰফৰ পৰাও এখন গামোচাৰে আদৰণি জনাই সভাপতি নবীন কলিতা দেৱে। অনুষ্ঠানটিৰ আৰম্ভনিতে কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি প্ৰফুল বৰাই ড° ভূপেন হাজৰিকা দেৱৰ এটি  চিৰযুগমীয়া গীত পৰিৱেশন কৰে। 

    এক চমু বক্তব্যত শ্ৰদ্ধাৰ ৰঞ্জু হাজৰীকা দেৱে কয় তেওঁ অসুস্থতাৰ বাবে অলপ সময়হে দিব পাৰিম বুলি কোৱা স্বত্বেও আজি ইমান ডাঙৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে আয়োজক সমিতিৰ শলাগ লয় আৰু অসুস্থ দেহাৰে উপস্থিত হবলৈ পাই অতিশয় আনন্দিত হও এই  বুলি কয়। লগতে তেখেতৰ প্ৰতি দেখুওৱা  আন্তৰিকতা, আগ্ৰহ, মৰমে তেওঁক অধিক উৎসাহিত আৰু প্ৰেৰণা যোগাব বুলি কয় আৰু আয়োজিত পুৰণিগুদাম আঞ্চলিক যুৱ-ছাত্ৰ পৰিষদ আৰু উপস্থিত সকলোৰে ওচৰত কৃতজ্ঞ হৈ থাকিব বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে পুৰণিগুদামৰ কবি সন্মিলনৰ সভাপতিৰ নবীন কলিতাই ৰচনা কৰা বৃট্ৰিছ বিষয়াৰ মুৰত আঘাট কৰা স্বাধীনতা সংগ্ৰামী 'বীৰ তাপুক কৈৱৰ্ত" শীৰ্ষক জীৱনী গ্ৰন্থ এখন ৰঞ্জু হাজৰিকাই উন্মোচন কৰে। অনুষ্ঠানটোত জাতীয় মহিলা পৰিষদ নগাওঁ জিলাৰ সম্পাদিকা অনুৰাধা গোহাঁই, ইলোৰা বিজ্ঞান মঞ্চৰ পুৰণিগুদাম শাখাৰ সভাপতি অনিল বৈৰাগী, ইবাদত হুছেইন, নগাওঁ জিলা সাহিত্য সভাৰ যুৱ পৰিষদৰ সভাপতি কবিন পাটৰ, সীমা দেৱী, নিভাৰাণী শইকীয়া আদি লোকসকলো উপস্থিত থাকে।

    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor