• শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা: সময়মতে যোগান ধৰিব নোৱাৰিলে ইউনিফৰ্ম আৰু পাঠ্যপুথি

    আঞ্চলিক
    শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা: সময়মতে যোগান ধৰিব নোৱাৰিলে ইউনিফৰ্ম আৰু পাঠ্যপুথি
    ডিজিটেল ডেস্ক: ৰাজ্যৰ শিক্ষাখণ্ডৰ প্ৰকৃত ছবিখন পোহৰলৈ আহিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষাখণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তন হোৱা বুলি দাবী কৰি অহাৰ সময়তে ইউনিফৰ্ম যোগান ধৰিব নোৱৰা বিষয়টোৱে শিক্ষা বিভাগৰ চৰম ব্যৰ্থতাকে উদঙাই দিছে৷ শিক্ষামন্ত্ৰী ৰণোজ পেগু বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে শেহতীয়া এই খবৰে শিক্ষামন্ত্ৰীগৰাকীৰ দায়িত্বহীনতাক উন্মোচিত কৰাৰ অভিযোগ উঠিছে৷ 

    ৰাজ্যখনত কালিৰে পৰা আৰম্ভ হৈছে নতুন শিক্ষাবর্ষ৷ কিন্তু এতিয়াও ৰাজ্যৰ বহু বিদ্যালয়ে লাভ কৰা নাই পাঠ্যপুথি আৰু ইউনিফর্ম। ইতিমধ্যে নতুন পাঠপুথি নোহোৱাকৈ বহু বিদ্যালয়ত শিক্ষকসকলে পাঠদান আৰম্ভ কৰিবলগীয়া হোৱাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। কিছুসংখ্যক বিদ্যালয়ে পূৰ্বৰ ছাত্ৰ- ছাত্ৰীৰ পৰা পুৰণি কিতাপসমূহ সংগ্ৰহ কৰি পাঠদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও কিছুমান শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাত অসুবিধা হৈছে। যাৰ বাবে কিছু সংখ্যক বিদ্যালয়ত পাঠদানেই কৰিব পৰা নাই শিক্ষসকলে। জানিব পৰা মতে, কোকৰাঝাৰ, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, শিৱসাগৰকে ধৰি কেইবাখনো জিলাৰ একাংশ বিদ্যালয়ক অহা পাঁচ, ছয় এপ্ৰিলৰ পৰাহে পাঠ্যপুথি যোগান ধৰা হ'ব। ইফালে, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ কিছু সংখ্যক বিদ্যালয়ত কেইটামান শ্ৰেণীৰ পাঠ্যপুথি যোগান ধৰা হৈছে যদিও সকলো শ্ৰেণীৰে সকলো পাঠ্যপুথি এতিয়ালৈকে চৰকাৰে যোগান ধৰা নাই। উল্লেখযোগ্য যে যোৱা ১৬ ফেব্ৰুৱাৰীতে ঢাক ঢোল বজাই ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। কিন্তু ডেৰ মাহ পাৰ হৈ যোৱাৰ পাছতো ৰাজ্যৰ সকলো বিদ্যালয়ে আজিলৈকে সকলো শ্ৰেণীৰে পাঠ্যপুথি লাভ নকৰাটো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। ইফালে, বিনামূলীয়া ইউনিফৰ্মক লৈও সমস্যাৰ অন্ত পৰা নাই। মাত্র ছয়শ টকাতে দুযোৰ ইউনিফর্ম যোগান ধৰাৰ বাবে চৰকাৰখনে দিয়া নিৰ্দেশৰ পাছত বহু অভিভাৱকেই চৰকাৰে যোগান ধৰা ইউনিফর্ম নিম্ন মানৰ বুলি অভিযোগ উত্থাপন কৰিছে।ইউনিফৰ্ম যোগান ধৰা বহু প্রতিষ্ঠানে অধিক মুনাফা আদায় কৰাৰ বাবে কলকাতাৰ পৰা পাইকাৰী হাৰত ইউনিফর্মসমূহ ক্ৰয় কৰাৰ বাবে গুণগত মান হ্ৰাস পাইছে। সকলোতকৈ ডাঙৰ কথা যে কিছুমান বিদ্যালয়ত ইউনিফর্ম যোগান ধৰা হৈছে যদিও বিতৰণ কৰিবলৈ দিয়া হোৱা নাই। যাৰ ফলত বিদ্যালয়তে ইউনিফর্মসমূহ পচি যোৱাৰ লগতে নিগনিয়ে কুটাৰো আশংকা ঘনীভূত হৈ পৰিছে। চৰকাৰে ইউনিফর্মসমূহৰ গুণগত মান পৰীক্ষা কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও প্রায় সংখ্যক বিদ্যালয়তে সেয়াও কৰা হোৱা নাই। আনহাতে, কিছু সংখ্যক খণ্ড শিক্ষা বিষয়াৰ কার্যালয়ে ইউনিফর্ম যোগানকাৰীৰ পৰা তিনি শতাংশকৈ কমিছন বিচৰাৰো অভিযোগ উঠিছে। প্রণিধানযোগ্য যে ৰাজ্য চৰকাৰৰ সমগ্র শিক্ষা বিভাগে ২০ মাৰ্চৰ পূৰ্বে ইউনিফৰ্ম যোগানৰ কাম সম্পূর্ণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিল যদিও এই নিৰ্দেশ ফুটুকাৰ ফেনত পৰিণত হৈছে। মুঠতে নতুন শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ পাছত বিদ্যালয়সমূহৰ ক'ৰবাত যদি পাঠ্যপুথিৰ অভাৱ ঘটিছে আন ক'ৰবাত আকৌ ইউনিফৰ্মৰ অভাৱ বা নিম্ন মানৰ ইউনিফৰ্ম লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত সুযোগ পালেই শিক্ষকসকলক ককৰ্থনা কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়।