ডিজিটেল ডেস্ক: বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ৷ এটা পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাজানৰ মাধৱ বৰা।
বিহপুৰীয়া ৰঙাজানৰ নিবাসী দুগ্ধ বৰা আৰু লক্ষীমাই বৰাৰ দ্বিতীয় পুত্ৰ মাধৱ বৰা কৰ্মসূত্ৰে আছিল বাংগালুৰুত।
নিশা কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত গাড়ীৰ খুন্দাত থিতাতে নিহত হয় বুলি পৰিয়ালক খবৰ দিয়ে৷
নিশাই পুত্ৰৰ মৃত্যুৰ খবৰ পাই কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটি৷
পিতৃ, মাতৃ, পত্নী আৰু এগৰাকী ১১ বছৰীয়া কন্যা এৰি মৃত্যুক সাবতি লোৱা মাধৱ বৰাৰ মৃতদেহ স্বগৃহলৈ আনিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰে আহ্বান জনাইছে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটিয়ে।
Leave A Comment