ডিজিটেল ডেস্কঃ ওদালগুৰিৰ ৰৌতাত মৰেল পুলিচিঙৰ ঘটনাত মৃত্যু হোৱা লালমোহন ৰায়ৰ আজি আদ্যশ্ৰাদ্ধ। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মৃত লালমোহন ৰায়ৰ বাসগৃহত। যোৱা ১৩ মাৰ্চত তামোল চুৰৰ সন্দেহত ৰৌতাৰ কঠালবাৰী গাঁৱৰ কেইজনমান লোকৰ গণ প্ৰহাৰৰ পাছতেই ২০ মাৰ্চত মৃত্যু হৈছিল লালমোহন ৰায় নামৰ এগৰাকী যুৱকৰ।
ঘটনাৰ পাছতেই অঞ্চলটোত সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ। ঘটনাৰে জড়িত ৩ জন ব্যক্তিৰ দুজনক গ্ৰেপ্তাৰ কৰিছিল ৰৌতা আৰক্ষীয়ে। পলাতক খেম নেৱাৰ ওৰফে বিতু নেৱাৰক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে ৰাইজৰ পৰা বিচাৰিছিল দুদিনৰ সময়। কিন্তু মৃত্যুৰ ১৩ দিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ব্যর্থ হৈছে খেম নেৱাৰ ওৰফে বিতু নেৱাৰক। আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বাবে দুদিনৰ সময়সীমা বান্ধি দিছিল যদিও আজি পর্যন্ত মুকলি আকাশৰ তলত খেম নেৱাৰ ওৰফে বিতু নেৱাৰ।
অতিশীঘ্ৰে পলাতক খেম নেৱাৰক গ্ৰেপ্তাৰৰ দাবী মৃত লালমোহন ৰায়ৰ মাতৃ তথা সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্রীয় সভাপতি অতুল বৰ্মনৰ।
অতিশীঘ্রে পলাতক খেম নেৱাৰ ওৰফে বিতু নেৱাৰক গ্ৰেপ্তাৰৰ লগতে ঘটনাৰে জড়িত আটাইকে ফাঁচীৰ দাবী দুৰ্ভগীয়া মাতৃৰ।
Leave A Comment