ডিজিটেল ডেস্কঃ ৰাজ্যত ভয়াৱহ ৰূপত নিবনুৱাৰ সংখ্যা বৃদ্ধি হ'ব ধৰিছে। আজিৰ তাৰিখত অসমত নিবনুৱাৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধি পাইছে। এই তথ্য সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিৰ। সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্রীয় সমিতিৰ সভাপতি ধর্মেন্দ্র দেউৰী, সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই এক বিবৃতিত এই তথ্য উল্লেখ কৰি গভীৰ উদ্বেগ প্রকাশ কৰে।
নিবনুৱাক সংস্থাপন দিয়াৰ ক্ষেত্ৰত ৰাজ্যৰ বিজেপি চৰকাৰখন সম্পূর্ণৰূপে ব্যর্থ হৈছে বুলি তেওঁলোকে অভিযোগ তুলিছে। যি সময়ত চৰকাৰখনে প্রতিবছৰে ২ লাখ নিবনুৱাক সংস্থাপন দিব বুলি কথা দিছিল চৰকাৰে এতিয়া সেই প্রতিশ্রুতি পূৰণ কৰিব পৰা নাই আৰু ৰাজ্যত কৰ্ম সংস্থাপনৰ অভাৱত এতিয়াও লাখ লাখ নিবনুৱা যুৱক-যুৱতীয়ে কাম বিচাৰি ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিব লগা হৈছে। এই কথা অতি দুর্ভাগ্যজনক বুলি ব্যক্ত কৰিছে নিবনুৱা সন্থাই। আনহাতে দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যত কিমান নিবনুৱাক চৰকাৰে প্ৰশিক্ষণ প্ৰদান কৰিলে অথবা কৰ্ম সংস্থাপন দিলে ইয়াৰ তথ্য যোৱা দুমাহ ধৰিও চৰকাৰে নিবনুৱা সন্থাক অৱগত কৰাব নোৱাৰিলে বুলি সন্থাই অভিযোগ তোলে।
ইয়াৰ পৰা এই কথা স্পষ্ট হয় যে দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে নিবনুৱাক প্রশিক্ষণ আৰু কৰ্ম সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰখন একেবাৰে বিফল হৈছে। সন্থাই এই কথাও উল্লেখ কৰে যে ৰাজ্যৰ ৫৫টা নিয়োগ বিনিময় কেন্দ্রত সম্প্রতি পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছেগৈ ৩৫ লাখ ৭৩ হাজাৰ ৯৯৫জন। একেদৰে ২০২১ চনৰ ছেপ্টেম্বৰ মাহ পর্যন্ত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২২০০১২৫জন। অর্থাৎ যোৱা দুবছৰত ৰাজ্যখনত ১৩ লাখ ৭৩ হাজাৰ ৮৭০জন নিবনুৱা বৃদ্ধি হয়। এনেদৰে ভয়াৱহ ৰূপত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পোৱাটো ৰাজ্যৰ বাবেই অশনি সংকেত বুলি নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই জানিবলৈ দিয়ে। তদুপৰি ৰাজ্যত চৰকাৰে অনুষ্ঠিত কৰিবলৈ লোৱা এডভাণ্টেজ অসমৰ জৰিয়তে নিবনুৱাসকলে যাতে কর্ম সংস্থাপন লাভ কৰে তাৰ বাবে চৰকাৰখনক গুৰুত্ব প্রদান কৰিবলৈ নিবনুৱা সন্থাই চৰকাৰক আহ্বান জনায়।
(দৈনিক জমনভূমিৰ প্ৰতিবেদন)
Leave A Comment