ডিজিটেল ডেস্কঃ স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নদীত জাঁপ দি আত্মহননৰ চেষ্টা চলাইছিল এগৰাকী মহিলাই৷ বৰাক নদীত জাঁপ দি আত্মহননৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে৷
এই ঘটনা সংঘটিত হৈছে শিলচৰ সদৰঘাট দলঙত। আজি দুপুৰীয়াৰ ভাগত এগৰাকী মহিলাই বৰাক নদীত জাঁপ দিয়াৰ বাবে দলঙৰ ৰেলিঙত উঠিছিল।
তেতিয়াই ঘটনাটো প্ৰত্যক্ষ কৰে আমিৰ উদ্দিন লস্কৰ নামৰ এগৰাকী অটো চালকে৷ আমিৰ উদ্দিনে দৌৰি গৈ মহিলাগৰাকীক দলংৰ ৰেলিংৰ নমাই আনে। তেওঁৰ তৎপৰতাতে মহিলাগৰাকীৰ জীৱন ৰক্ষা পৰিল৷
এক অৰ্থত দেৱদূত হৈ মহিলাগৰাকীৰ ওচৰলৈ আহিল অটো চালক আমিৰ উদ্দিন লস্কৰ৷
ঘটনাটোৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি লৈ যায়। মহিলাগৰাকী শিলচৰ ঘনিয়ালা অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ তদন্ত আৰম্ভ৷ আমিৰ উদ্দিন লস্কৰৰ এই মহান কৰ্মক সকলোৱে একমুখে শলাগিছে৷
Leave A Comment