ডিজিটেল ডেস্কঃ আৰক্ষীৰ জালত জীৱ-জন্তু হাড় চালৰ চোৰাং সৰবৰাহকাৰী৷ ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন সংমণ্ডলৰ অন্তৰ্গত মৰাণৰ গজপুৰীয়াত যোৱা নিশা 'কেন্দ্ৰীয় অপ্ৰত্যক্ষ কৰ আৰু সীমা শুল্ক বিভাগ'ৰ (Central Excise) এটা দলে অভিযান চলাই বাঘৰ শুকান ছাল আৰু হাড়সহ এজন যুৱকক কৰায়ত্ব কৰে৷
ধৃত যুৱকজন মৰাণৰ হুংহুঙীয়া গাঁৱৰ মাধুৰ্য সোনোৱাল৷ শুল্ক বিভাগৰ দলটোৱে যুৱকজনক বাঘৰ শুকান ছাল আৰু ৭৩ টুকুৰা হাড়সহ বন বিভাগক চমজাই দিয়ে৷ ধৃত মাধুৰ্য সোনোৱালে খোৱাং নাহৰণিৰ পংকজ বৰুৱা নামৰ আন এজন যুৱকৰ সৈতে সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ আহোঁতেই শুল্ক বিভাগৰ জালত বন্দী হয়৷
মূল অভিযুক্ত পংকজ বৰুৱাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ উল্লেখ্য পলাতক পংকজ বৰুৱাই নিজৰ বাৰীত নিজাকৈ পিঞ্জৰা সাজি কেইবাটাও বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হৈছিল৷ এনেদৰে পিঞ্জৰাবদ্ধ বাঘ হত্যা কৰি বাঘৰ ছাল-হাড়ৰ চোৰাং সৰবৰাহৰ পৰিকল্পনা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে৷ পলাতক পংকজ বৰুৱাৰ সন্ধানত বন বিভাগে অভিযান অব্যাহত ৰাখিছে৷
Leave A Comment