ডিজিটেল ডেস্ক: শোণিতপুৰৰ ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত ডাইনী সন্দেহত খেদি পথোৱা হ'ল এহাল দম্পতীক। শোণিতপুৰৰ ৰঙাপৰাত পুনৰ ডাইনী-ঘটনা৷ ৰঙাপৰাত ডাইনী সন্দেহত এহাল দম্পতীক মাৰধৰ কৰি খেদি পঠোৱা হ’ল গাঁৱৰ পৰা৷
ৰঙাপৰা ধেন্দাই চাহ বাগিচাৰ প্ৰজা লাইনত সংঘটিত হৈছে এই ঘটনাটো৷ ধেন্দাই চাহ বাগিচাৰ প্ৰজা লাইনৰ কালতি তাঁতী আৰু তেওঁৰ স্বামী সপন তাঁতীক ডাইনীৰ সন্দেহত গাঁৱৰ পৰা মাৰধৰ কৰি খেদি পঠিয়ালে ৰাইজে৷
দম্পতীহালে ৰঙাপৰা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আৰু আৰক্ষীয়ে এজাহাৰৰ ভিত্তিতেই শান্তি তাঁতী, অঞ্জলী তাঁতী আৰু দেৱগন কেউটক আটক কৰিছে ৷
আনহাতে, ভুক্তভোগী পৰিয়ালটি বৰ্তমান বৰজুলি চাহ বাগিছাৰ এঘৰ আত্মীয়ৰ ঘৰত আছে। এতিয়া ঘটনা সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত আব্যাহত ৰাখিছে৷
উৎস- দৈনিক জনমভূমি
Leave A Comment