ডিজিটেল ডেস্কঃ ধেমাজিৰ আমোলগুৰিৰ ভোগালী সমন্বয় ক্ষেত্ৰত আৰম্ভ হয় সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন। সোণোৱাল কছাৰী সাহিত্য আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠান আৰম্ভ হয়।
ধেমাজি পৌৰ সভাৰ সভানেত্ৰী দীপৰেখা দাস বাঘৰীয়ে সভাস্থলী আৰু সভাৰ মূল প্ৰৱেশদ্বাৰ উদ্বোধন কৰে।সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালৰ নেতৃত্বত পতাকা উত্তোলন কৰা হয় অনুষ্ঠানত উপস্থিত থকে ড° পুন্য বৰুৱা (ধেমাজি), মহেন্দ্ৰ সোণোৱাল(লখিমপুৰ), দিব্য সোণোৱাল(ডিব্ৰুগড়), ড° মধুমিতা শইকীয়া(গুৱাহাটী), আৰু যাদব ডেকাবৰুৱা(শিৱসাগৰ)।
পতাকা উত্তোলনৰ পিছতে সভাৰ প্ৰধান সম্পাদক মৃদুল সোণোৱালৰ নেতৃত্বত দণ্ডধৰ ফাটোৱালি, ৰাজনীকান্ত হাজৰিকা, গগন চন্দ্ৰ সোণোৱালৰ দৰে বিশিষ্ট জনগোষ্ঠীয় সাহিত্যিকৰ স্মৃতিত স্মৃতি তৰ্পন অনুষ্ঠিত হয়।
অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা পৰম্পৰাগত সোণোৱাল কছাৰী বাসগৃহ উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি টংকেশ্বৰ সোণোৱালে। ইয়াৰ উপৰিও ভোলা বৰা সোঁৱৰণী গ্ৰন্থমেলা উদ্বোধন কৰে সদৌ সোণোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি প্ৰভাত সোণোৱালে।
এই দ্বিবাৰ্ষিক অধিবেশনত অনাগত দুদিনত বিভিন্ন সাহিত্য আলোচনা, সাংস্কৃতিক কাৰ্যসূচী, আৰু সামূহিক পদক্ষেপত য'ত সোণোৱাল কছাৰী সম্প্ৰদায়ৰ চহকী ঐতিহ্যক আলোকপাত কৰাৰ বাবে বিশেষ আয়োজন।
Leave A Comment