ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে সুখবৰ। সংসদৰ কাৰ্যবিৱৰণী এতিয়াৰে পৰা বড়ো ভাষাতো উপলব্ধ হ'ব। সংসদৰ কাৰ্যবিৱৰণী অনুবাদৰ ভাষা হিচাপে বড়ো ভাষাকো অন্তর্ভুক্ত কৰা হৈছে।
লোক সভাৰ অধ্যক্ষ ওম বিৰলাই এই কথা ঘোষণা কৰি কয় যে এতিয়াৰ পৰা সংসদৰ কাৰ্যসূচী নতুনকৈ অন্তর্ভুক্ত কৰা ছয়টা ভাষাতো উপলব্ধ হ'ব। নতুনকৈ অন্তর্ভুক্ত কৰা ভাষাকেইটা হৈছে ক্রমে বড়ো, ডোগৰী, মৈথিলী, মণিপুৰী, সংস্কৃত আৰু উর্দু।
আনহাতে হিন্দী আৰু ইংৰাজীৰ উপৰি সংসদৰ কার্যক্রম ইতিমধ্যে দহটা ভাষা ক্রমে অসমীয়া, বাঙালী, গুজৰাটী, কানাড়া, মালায়ালম, মাৰাঠী, উড়িয়া, পাঞ্জাবী, তামিল আৰু তেলুগুত উপলব্ধ হৈ আছে বুলিও তেওঁ অৱগত কৰে। অধ্যক্ষ বিৰলাই লগতে কয় যে ভাৰতৰ সংসদ হৈছে বিশ্বৰ একমাত্র গণতান্ত্রিক প্রতিষ্ঠান, য'ত কার্যক্রমণিকা ইমানবোৰ ভাষালৈ অনুবাদ কৰা হয়। ইফালে বড়ো ভাষাক দিয়া এই স্বীকৃতিৰ বাবে লোক সভাৰ অধ্যক্ষ গৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই।
ছ'চিয়েল মিডিয়াযোগে তেওঁ কয়, 'সংসদত কাৰ্যবিৱৰণীৰ অনুবাদৰ ভাষা হিচাপে বড়ো ভাষাকো অন্তর্ভুক্ত কৰাৰ বাবে লোক সভাৰ অধ্যক্ষ ওম বিৰলাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সিদ্ধান্তই আমাৰ সন্মানীয় বড়ো সাংসদসকলক অধিক উপকৃত কৰি ভালদৰে যোগাযোগ স্থাপন কৰিবলৈ উৎসাহিত কৰিব। তদুপৰি অসমৰ সংস্কৃতিৰ অন্যতম চহকী ভাষাটো প্ৰচাৰ আৰু প্ৰসাৰ কৰাত ই এক বিশেষ ভূমিকা গ্রহণ কৰিব।'
উৎসঃ দৈনিক জনমভূমি
Leave A Comment