ডিজিটেল ডেস্কঃ শিলচৰ ৰাঙিৰখাৰীৰ শৰৎ পল্লীত ৩১ বছৰীয়া গৃহবধূ সৰস্বতী দেৱৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্য পৰিলক্ষিত হৈছে।
বুধবাৰে দুপৰীয়া স্বামীৰ ঘৰৰ পৰা তেখেতক শিলচৰ মেডিকেল কলেজলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
মৃত মহিলাগৰাকীৰ আত্মীয়সকলে অভিযোগ কৰে যে, স্বামী ৰিন্টু দেৱে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আছিল। ঘটনাৰ দিনা সেই নিৰ্যাতনে চূড়ান্ত ৰূপ লৈছিল আৰু তাৰ ফলস্বৰূপেই সৰস্বতী দেৱৰ মৃত্যু ঘটিছে বুলি সন্দেহ কৰা হৈছে। আটাইতকৈ চিন্তাজনক কথা হ'ল, মৃত্যুৰ খবৰ গোপন ৰাখি গোপনে তেখেতক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
ইতিমধ্যে ৰিন্টু দেৱৰ বিৰুদ্ধে থানাত লিখিত অভিযোগ দাখিল কৰা হৈছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ হোৱা নাই।
অঞ্চলবাসীৰ দাবী, নিৰপেক্ষভাৱে তদন্ত কৰি দোষীসকলক দৃষ্টান্তমূলক শাস্তি নিশ্চিত কৰা হওক।
Leave A Comment