• প্ৰশিক্ষণৰ দুমাহতে উৰাজাহাজ উৰুৱাই অসম সন্তানৰ চমক

    আঞ্চলিক
    প্ৰশিক্ষণৰ দুমাহতে উৰাজাহাজ উৰুৱাই অসম সন্তানৰ চমক
    ডিজিটেল ডেস্ক : সম্প্ৰতি বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বহৰি গাঁৱৰ আবুল কালাম তালুকদাৰ আৰু খুৰছিদ চাহিদা হকৰ একমাত্ৰ পুত্ৰ চাকিল তালুকদাৰে আমেৰিকা চহৰৰ ফ্লৰিডা ইন্টাৰনেশ্যনেল এলথ্রিহেৰিচ ফ্লায়িং একাডেমিত পাইলটৰ প্ৰথম পৰ্যায়ৰ প্রশিক্ষণত খুব সুন্দৰকৈ বিমান টেক অফ আৰু লেণ্ডিং কৰি চমক দেখুৱাবলৈ সক্ষম হয়। 

    তেওঁ প্রথমটো প্রশিক্ষণ টেষ্ট সফলতাৰে সম্পন্ন কৰাৰ পাছত প্রশিক্ষকসকলে বাছনি কৰি চাকিলক স্বীকৃতিও প্ৰদান কৰে। 

    বহৰি গাঁৱৰ চাকিল তালুকদাৰক লৈ প্ৰশিক্ষকসকল উৎসাহিত হয় আৰু কয় যে আনৰ বাবে যি প্রশিক্ষণ প্রায় ছমাহ লাগে, সেয়া চাকিলে মাত্র দুমাহৰ ভিতৰত সম্পূৰ্ণ কৰে। বহৰি গাঁৱৰ চাকিল তালুকদাৰৰ এই খবৰে বৰপেটা জিলাৰ লগতে চেঙা সমষ্টিত আনন্দ-উল্লাহৰ সমান্তৰালকৈ চাকিল তালুকদাৰক সামাজিক মাধ্যমৰ জৰিয়তে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয়। 

    উল্লেখযোগ্য যে চিভিল ডাইৰেক্টৰেট অব্ চিভিল এভিয়েশ্যন গবর্নমেন্ট অব ইণ্ডিয়াৰ পৰা ফ্লায়িঙৰ ইয়ৰ পাইলটৰ গ্ৰাউণ্ড পৰীক্ষা আৰু প্ৰশিক্ষণ সম্পূৰ্ণ কৰি এটি সপোন বুকুত লৈ আমেৰিকালৈ গৈছিল বহৰি গাঁৱৰ চাকিল তালুকদাৰে। প্রণিধানযোগ্য যে সৰুৰে পৰা চাকিলৰ লক্ষ্য আছিল এদিন উৰাজাহাজ উৰুৱাব আৰু আজি চাকিল তালুকদাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আকাশত সফলতাৰে জাহাজ উৰুৱাবলৈ সক্ষম হয়। অমায়িক মনৰ চাকিলৰ বেডমিন্টন খেলৰ প্ৰতিও আছিল বিশেষ ৰাপ। বৰপেটা জিলাৰ কেইবাটাও অঞ্চলত তেওঁ জিলা পৰ্যায়ৰ বেডমিন্টন খেলত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

    উৎসঃ দৈনিক জনমভূমি 

    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacorstrategi viral marketing lucky neko odadinggenerasi gadget mahjong ways2 scatter hitamcara menang besar mahjong ways2 gowes strategikemenangan viral strategi menang mahjong ways2terungkap efek fomo genz scatter hitam mahjong ways2