• জে’লৰ পৰা ওলাব চুমি বৰা; ট্ৰেডিং গোচৰৰ আটাইকেইটাতে জামিন লাভ

    আঞ্চলিক
    জে’লৰ পৰা ওলাব চুমি বৰা; ট্ৰেডিং গোচৰৰ আটাইকেইটাতে জামিন লাভ
    ডিজিটেল ডেস্কঃ অৱশেষত মুকলি আকাশৰ তললৈ আহিব চুমি বৰা৷ ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত চুমি বৰাই লাভ কৰিছে জামিন৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে চুমি বৰাক জামিন প্ৰদান কৰে।

    ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ গোচৰত জামিন লাভ ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত চুমি বৰাৰ৷ ২০২৪ বৰ্ষৰ ১২ ছেপ্টেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চুমি বৰাক। 

    ট্ৰেডিং গোচৰৰ আটাইকেইটাতে জামিন লাভ কৰিলে চুমি বৰাই। অচিৰেই জে’লৰ পৰা ওলাব চুমি বৰা। 

    ইতিমধ্যে ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাই লাভ কৰিছে জামিন। ২০২৫ বৰ্ষৰ ৩মে’ত মুকলি আকাশৰ তললৈ আহিছিল বিশাল ফুকন। 

    বৰবৰুৱাৰ থানাৰ 85/2024 নম্বৰ গোচৰত বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ হৈছিল। পি জে শইকীয়া আদালতে জামিন মঞ্জুৰ কৰিছিল দুয়োৰে।