ডিজিটেল ডেস্কঃ উদণ্ড বাইক চালকৰ বাবে প্ৰায়ে সমস্যাত পৰে পথচাৰী। উদণ্ড বাইক চালকৰ বাবে কিছুমান মানুহ মৃত্যুমুখত পৰা লগতে কিছুমান মানুহ জীৱনটোলৈ হৈছে ঘূণীয়া।
শেহতীয়াকৈ উদণ্ড বাইক চালকক নাকী লগাবলৈ সাজু হৈছে মহানগৰ যানবাহন আৰক্ষী। ২৯ মাৰ্চৰ পৰা গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰিছে অৰ্ধ শতাধিক বাইক স্কুটী।
মদিফাই কৰা চাইলেঞ্চৰ লগাই বিকট কৰি পৰিৱেশ বিনষ্ট কৰিছিল এইসকল যুৱকে।
বাইক চালকৰ এনে অতপালিত শংকিত হৈছে একাংশ জনতা।
যানবাহন আইন অনুসৰি শাস্তি বিহা হ'ব বাইকৰ গৰাকীসকলক।
শুকুৰবাৰে ৰাজপথত অভিযান চলাই ভঙাগড় যান বাহন আৰক্ষীয়ে জব্দ কৰিছে তিনিখনকৈ বাইক।
Leave A Comment