• ফলপ্রসূ ৰাজনৈতিক সমাধানৰ স্বাৰ্থত আলোচনাৰ বাবে আগ্রহী আলফা (স্বাধীন); পৰেশ বৰুৱাৰ বিবৃতিত নতুন ইংগিত, উনুকিয়ালে ভাষিক সংকটৰ প্ৰসংগও

    আঞ্চলিক
    ফলপ্রসূ ৰাজনৈতিক সমাধানৰ স্বাৰ্থত আলোচনাৰ বাবে আগ্রহী আলফা (স্বাধীন); পৰেশ বৰুৱাৰ বিবৃতিত নতুন ইংগিত, উনুকিয়ালে ভাষিক সংকটৰ প্ৰসংগও
    ডিজিটেল ডেস্ক: সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) ৪৫সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে উচ্চতম পৰিষদৰ সভাপতি পৰেশ বৰুৱাই আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে এটা সংবাদ বিজ্ঞপ্তি৷ প্ৰেছ বিজ্ঞপ্তিযোগে আজি বৰুৱাই কয়, সাম্প্ৰতিক অসম বুৰঞ্জীত ৭ এপ্রিল অর্থাৎ আজিৰ এই দিনটো ইংৰাজী বৰ্ষপুঞ্জীৰ এটা সাধাৰণ তাৰিখ নহয়। জন্মভূমিক প্ৰাণভৰি ভালপোৱা প্ৰতিজন থলগিৰিৰ সিৰাই সিৰাই স্পন্দিত হৈ থকা 'সন্মিলিত জাতীয় মুক্তি বিপ্লৱ'ৰ চেতনাৰ অবিৰত গতি; আৰু ঘোষিত লক্ষ্য-উদ্দেশ্য সাধনৰ বাবে দৃঢ় সংকল্প, অদম্য সাহস, ত্যাগ, শৌর্য-বীৰ্যৰ মূর্ত প্রতীক। প্ৰতিষ্ঠা দিৱস গৌৰৱোজ্জ্বল জাতিৰ হেঁপাহৰ ৰাজনৈতিক অধিকাৰ পুনৰুদ্ধাৰৰ কঠোৰ সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে বন্দিত। ৰাষ্ট্ৰব্যৱস্থাৰ শোষণ সম্পৰ্কে আলফাৰ দৃষ্টিভংগীৰে কেইবাটাএ দিশ পুনৰ উনুকিয়াই পৰেশ বৰুৱাই৷ কিদৰে অৰুণাচল প্ৰদেশৰ পৰা এসময়ত অসমীয়া ভাষাটোত বিতাড়ণ কৰি হিন্দী ভাষা জাপি দিয়া হৈছিল, তাৰো বিস্তৃত ব্যাখ্যা আগবঢ়াই আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষগৰাকীয়ে৷ তেওঁ কয়, এই ভূ-খণ্ডত ঔপনিৱেশিক সংবিধান কার্যকৰী হোৱাৰ পাছত দখলদাৰী ভাৰতে হাজাৰবছৰীয়া স্বাধীনচিতীয়া বুৰঞ্জীৰ বাস্তৱতা থকা থলগিৰি সকলৰ মাজত বিভিন্ন কলা-কৌশল, ভয়-ভীতি প্রদর্শনেৰে, নৃগোষ্ঠীয় ধর্মীয় ৰেখা অংকনৰ জৰিয়তে অনৈক্যৰ বীজ সিঁচি শাসন-শোষণ কৰাৰ উদ্দেশ্যৰে পৃথক পৃথক জাতিসত্তাৰ সৃষ্টি কৰিলে। দৰাচলতে সমগ্ৰ পশ্চিমা দক্ষিণ-পূব এছিয়া [WeSEA] অঞ্চলৰ বুৰঞ্জীয়ে বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে, আমাৰ ঐক্যবদ্ধ স্থিতিত ভাৰত উদ্বিগ্ন আৰু শংকিত। এনে পৰিপ্ৰেক্ষিততে বৃটিছ দখলীকৃত আন্তর্জাতিক বিবদমান অঞ্চল [ North East Frontier Region, NEFA) তথাকথিত অৰুণাচল প্রদেশক ভাৰতৰ এখন প্ৰদেশ ৰূপে সংলগ্নকৰণেৰে অসমক ভাৰতৰ সীমাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে; আৰু সেই অঞ্চলত প্ৰাচীন কালৰে পৰা বসবাস কৰি অহা বাসিন্দাসকলে যি ভাষাৰ জৰিয়তে একত্ৰিত হ'বলৈ সুখী হৈছিল, সেই অসমীয়া ভাষা আঁতৰাই তাৰ ঠাইত কিয় ভাৰতৰাষ্ট্ৰই হিন্দী ৰূপায়ণ কৰিলে, তাক বুজিবলৈ মুঠেও কঠিন নহয়।

    পৰেশ বৰুৱাই অসমৰ প্ৰেক্ষাপটত বিজেপি আৰু কংগ্ৰেছ দলৰ ভূমিকাক সমালোচনা কৰি কয়,
    প্ৰণিধানযোগ্য, ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দুয়োটা দলেই একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। দুয়োটাৰে উদ্দেশ্য আমাৰ এই ভূ-খণ্ডৰ সম্পদ দুষ্ঠণ কৰা আৰু ভূ-ৰাজনীতিৰ স্বাৰ্থত পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলক ঔপনিবেশিক মানসিকতাৰে ভাৰতীয় সকলৰ দখলত ৰখা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক ভাৰতীয় শাসক গোষ্ঠীয়ে ৰাজনীতিৰ নামত অসমতা সৃষ্টিৰে কেৱল প্ৰতাৰিত কৰাই নহয়, প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী আমাৰ এই পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলৰ খনিজ তেল, প্রাকৃতিক গেছ, কয়লা, ইউৰেনিয়াম, প্লেটিনাম আদিৰ দৰে মূল্যৱান প্রাকৃতিক সম্পদৰাজী শোষণ আৰু লুণ্ঠণ কৰাৰ বাট মুকলি কৰি দিলে। বিপৰীতে উন্নয়নৰ নামত মাথোঁ দুই-এটা বাট-পথৰ চানেকী তৈয়াৰ কৰি সমগ্ৰ পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলৰ জনসাধাৰণৰ চকুত ধূলি ছটিয়াই আঁভুৱা ভাৰি আহিছে। ইয়াতকৈয়ো ভয়ংকৰ কথাটো হৈছে শোষণ আৰু দুষ্ঠণৰ বাবে সামাজিক জনগাঁথনি ধ্বংস কৰি কংগ্ৰেছে সৃষ্টি কৰা ৰাজনৈতিক মুনাফা সাব্যস্ত কৰা পথেৰে সোমাই ভাৰতীয় জনতা পাৰ্টিয়ে কেৱল শোষণ-লুণ্ঠনতেই ক্ষান্ত নাথাকি কংগ্ৰেছে আমদানি কৰা জনসমুদায়ক নাগৰিকত্বৰ বৈধতা প্ৰদান কৰাৰ উপৰি এতিয়া ৰামায়ণ-মহাভাৰত আদিৰ কল্প-কাহিনী [Apocryphal Story]ৰে হিন্দু ধৰ্মীয় মৌলবাদৰ আগ্ৰাসনৰ যোগেদি আমাৰ এই ভূ-খণ্ডত স্বকীয় ধৰ্মীয় ৰীতি-নীতি আৰু জীয়া বুৰঞ্জীৰ বাস্তৱতাৰে অতীজৰে পৰা বসবাস কৰি অহা জাতি-জনগোষ্ঠী সমূহৰ কলা-কৃষ্টি-সংস্কৃতিক ধূলিসাৎ কৰি এক ভাৰতীয় কৰিবলৈ উঠিপৰি লাগিছে; যিটো থলগিৰি জনগণে কোনো কাৰণতেই হ'বলৈ দিব নোৱাৰে। দখলদাৰী ভাৰতীয় সকলৰ এই আগ্ৰাসন প্ৰতিৰোধ কৰিব নোৱাৰিলে পশ্চিমা দক্ষিণ-পূব এছিয়া ভূ-খণ্ডৰ বৈশিষ্ট্যময় সাংস্কৃতিক বৰভেটি জহি-খহি যোৱাৰ উপৰিও এই ভূ-খণ্ডৰ বিভিন্ন জাতিসত্তা সমূহৰ স্বতন্ত্ৰতা আৰু ঐক্য সম্প্ৰীতিৰ সংহতি বিনষ্ট হৈ পৰিব।

    তেওঁ লগতে কয়, ঔপনিৱেশিক শাসন-শোষণ আৰু আগ্ৰাসন প্ৰতিৰোধৰ মূল আৰু একমাত্র বিকল্প এই ভূ-খণ্ডৰ স্বাধীনতা, সেয়া উপলব্ধি কৰা প্ৰয়োজন। ভাৰতীয়সকলেও হৃদয়ঙ্গম কৰা উচিত যে বুৰঞ্জীৰ জীয়া বাস্তৱতা থকা সৰু-বৰ কোনো জাতিয়ে ধৰ্মৰ নামত নিজৰ স্বাধীনতা কেতিয়াও বিসর্জন নিদিয়ে।

    আলোচনা প্ৰসংগত বৰুৱাই কয়, আমি জানো অসমৰ একাংশ সন্মানীয় বুদ্ধিজীৱী আৰু সাধাৰণ জনগণে আলোচনাৰ জৰিয়তে দীৰ্ঘদিনীয়া অসম-ভাৰত ৰাজনৈতিক সংঘাতৰ স্থায়ী মীমাংসা হোৱাটো বিচাৰে। কিন্তু আমি এই কথাও মনত ৰখা উচিত যে, সংযুক্ত মুক্তি বাহিনী, অসমৰ পূৰ্বৰ নেতৃত্বই আলোচনাৰ জৰিয়তে মীমাংসাৰ নামত ৰাষ্ট্ৰস্ত্ৰৰ ওচৰত সম্পূর্ণ বিশ্বাস ৰাখি আত্মসমৰ্পণ কৰিছিল; যাৰ অন্তিম পৰিণতি সকলোৰে সন্মুখত দিনৰ পোহৰৰ দৰে স্পষ্ট। সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) ভাৰতৰ সৈতে অর্থপূর্ণ আলোচনাৰ বিৰোধী নহয়। সার্বভৌমত্ব পুনৰুদ্ধাৰৰ ন্যায়সংগত অধিকাৰৰ বাবে আমি এক সুনির্দিষ্ট সময়সীমা আৰু কাৰ্যসূচীৰ ভিতৰত ফলপ্রসূ ৰাজনৈতিক সমাধানৰ স্বাৰ্থত আলোচনাৰ বাবে আগ্রহী। এই ক্ষেত্রত নিশ্চিতভাৱে ভাৰত ৰাষ্ট্ৰই অসমৰ ৰাজনৈতিক অধিকাৰ পুনৰুদ্ধাৰৰ বাবে এক অনুকূল বাতাবৰণ সৃষ্টি কৰিব পাৰে। কাৰণ ৰাজনৈতিক অধিকাৰ পুনঃ প্ৰতিষ্ঠাৰ অৰ্থ বিচ্ছিন্নতা নহয়। ভাৰতে এই যুক্তিক সাৰোগত কৰি সৌহার্দপূৰ্ণ দৃষ্টিভংগীৰে 
    অসম ভাৰত সংঘাতৰ ৰাজনৈতিক সমাধানৰ বাবে আগবাঢ়ি অহা উচিত। আমি আশা কৰোঁ, ভাৰতে "অস্ত্ৰৰ যুদ্ধতকৈও যুক্তিৰ যুঁজেই শ্রেয় (To jaw jaw is better than to war war)" ইংলেণ্ডৰ মহান নেতা Winston Churchill ৰ এই বাক্যশাৰীৰ তাৎপৰ্য হৃদয়ংগম কৰি আমাৰ সতে সহমত পোষণ কৰিব। কাৰণ 'ভাৰতৰ বাবে দুৱাৰদলিতে থকা প্ৰতিবেশীৰ সৈতে শত্রুতাতকৈ বন্ধুত্বপূর্ণ সম্পৰ্ক ৰখাটোৱে উত্তম (it is in India's best interest to have a friendly next door neighbour thana hostile one! এই সন্ধিক্ষণত মই ভাৰতৰ নেতৃত্বক আহ্বান জনাইছোঁ আপোনালোকে আমাৰ সদস্য আৰু শুভাকাংক্ষী সকলৰ ওপৰত ঔপনিৱেশিক কলা আইন প্ৰয়োগ কৰি শাৰীৰিক আৰু মানসিক আক্ৰমণ কৰাৰ উপৰিও তথাকথিত সংঘর্ষ [Fake Encounter]ৰে হত্যা যজ্ঞ পৰিত্যাগ কৰক৷