ডিজিটেল ডেস্কঃ যোৱা মঙলবাৰে গুৱাহাটীৰ সৰুসজাইৰ মণিকাঞ্চন উপ পথত থকা এটা গেষ্ট হাউচৰ পৰা চুৰি হৈছিল উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ ননীৰ দলৰ এখন বাইক। এই ঘটনাই সকলোকে লজ্জিত কৰিছিল। বহুকেইখন ৰাজ্য ভ্ৰমণ কৰি অহাৰ পাছত ক'তো একো সমস্যাৰ সন্মুখীন হোৱা নাছিল ননী কিন্তু অসমত প্ৰবেশ কৰাৰ পাছতেই তেওঁৰ বাইকখন চুৰি হয়। এই ঘটনাই সমগ্ৰ অসমবাসীকে লজ্জানত কৰি তুলিলে।
বাইকখন উদ্ধাৰ কৰি দিবৰ বাবে ননীয়ে অসমৰ মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অনুৰোধ জনাইছিল। আৰক্ষীৰ ওপৰত ভৰসা কৰিয়ে মহানগৰীৰ সৰুসজাইৰ মণিকাঞ্চন উপ পথত থকা 'মেডী' গেষ্ট হাউচতে অনিশ্চয়তা আৰু উদ্বিগ্নতাৰে সময় কটাইছিল ৰাইডাৰ ননী আৰু তেওঁৰ দলৰ তিনি সদস্যই। বাইকখন উদ্ধাৰ হ'ব বুলি আৰক্ষীয়ে তেওঁলোকক আশ্বাসো দিছিল।
অৱশেষত ধুবুৰী ফকীৰগঞ্জত উদ্ধাৰ হ'ল ৰাইডাৰ ননীৰ বাইক। নিশাই বাইকখন লৈ অহা হ'ল বশিষ্ঠ থানালৈ। যোৱা নিশা বশিষ্ঠ থানাৰ আৰক্ষী আৰু ফকিৰগঞ্জ আৰক্ষীয়ে ফকিৰগঞ্জ প্ৰেম বজাৰত উদ্ধাৰ কৰে বাইকখন৷
এই চুৰিকাণ্ডৰ লগত জড়িত দুজন চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বাইকসহ নিশাই গুৱাহাটীলৈ ৰাওনা হয়৷ ধৃত চোৰ দুটাৰ নাম ফিৰোজ কাজী আৰু আশ্ৰাফুল দেওয়ান। ফকিৰগঞ্জ বালাটাৰী গাওঁৰ আফছাৰ কাজীৰ পুত্ৰ ফিৰোজ আৰু বাসানীপাৰা গাওঁৰ আব্দুল জোব্বাৰ পুত্ৰ আশ্ৰাফুল।
উল্লেখ্য যে উত্তৰাখণ্ডৰ ৰাইডাৰ ননীয়ে প্ৰায় ৩০ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি মঙলবাৰে গুৱাহাটীত উপস্থিত হৈছিল। নাৰী সবলীকৰণৰ লক্ষ্যৰে বিগত ৫ মাহে দেশৰ বিভিন্ন ৰাজ্য বাইকেৰে ভ্ৰমণ কৰি আছে ননীয়ে। কিন্তু গুৱাহাটীত আহি উপস্থিত হোৱাৰ পাছতেই অথন্তৰৰ সন্মুখীন হয় ননী। অৱশেষত তেওঁৰ বাইকখন উদ্ধাৰ হোৱাত অসমৰ ৰাইজে স্বস্তিৰ নিঃশ্বাস পেলাইছে।
Leave A Comment