• বেংগালুৰুৰ পৰা উভতি অহাৰ পথত; অন্তৰ্ধান সোণাৰিৰ দুই যুৱক

    আঞ্চলিক
    বেংগালুৰুৰ পৰা উভতি অহাৰ পথত; অন্তৰ্ধান সোণাৰিৰ দুই যুৱক
    ডিজিটেল ডেস্কঃ বেংগালুৰুৰ পৰা উভতি অহাৰ পথত সোণাৰিৰ দুই যুৱক নিৰুদ্দেশ হোৱা ঘটানাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাক্ৰম অনুসৰি সোণাৰি নগৰৰ ওচৰৰ হিংৰিতলি গাঁৱৰ তিনি যুৱক ক্ৰমে পাপু ঠাকুৰ, জনি মুণ্ডা আৰু অভিমন্যু তন্তাবায়ে বেংগালুৰুত টাইলছ ফেক্টৰীত কাম কৰিবলৈ গৈছিল।

    যোৱা ৩১ জানুৱাৰীত তেওঁলোক স্থানীয় ঠিকাদাৰ ৰাজীৱ কৰ্মকাৰৰ সহায়ত বেংগালুৰুলৈ যাত্ৰা কৰিছিল। কিন্তু বেংগালুৰু পোৱাৰ পিছতেই অভিমন্যুৰ শাৰীৰিক অৱস্থা বেয়া হোৱাত ঠিকাদাৰ ৰাজীৱে পাপু ঠাকুৰ আৰু অভিমন্যুক লৈ ঘৰলৈ উভতি যাবলৈ দিয়ে আৰু হাতত কিছু ধন গতাই দিয়ে। কিন্তু অভিমন্যু আৰু পাপু সময়মতে ঘৰ নোপোৱাত পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰে। পৰিয়ালৰ সদস্যসকলে অসমৰ বিভিন্ন ৰেল ষ্টেচনত বেংগালুৰুৰ পৰা অহা সকলো ৰেলত দুয়ো যুৱকক বিচাৰি অভিযান চলায়।

    ইয়াৰ মাজতে যোৱা ৫ ফেব্ৰুৱাৰীত লামডিং ৰেল ষ্টেচনত বেংগালুৰু-তিনিচুকীয়া এক্সপ্ৰেছ ৰে’লখনত পাপুৰ বেগ এটা ডবাৰ পৰা উদ্ধাৰ কৰা হয়। কিন্তু ৰেলখনত দুয়ো যুৱকক বিচাৰি নোপোৱাত পৰিয়ালৰ সদস্যসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। পিছত উৰিষ্যাৰ কোনোবা এখন ৰেল ষ্টেচনত বেগটোৰ গৰাকী ৰেলৰ পৰা মৃত্যু হোৱা বুলি আন যাত্ৰীসকলে পৰিয়ালক জনায় আৰু এই সংক্ৰান্তত কিছু ভিডিও যুৱক দুজনৰ পৰিয়ালৰ লোকক দেখুৱায়। কাপোৰ কানিয়ে মৃতদেহটো পাপু বুলি ধৰিব পাৰিলেও ভিডিওত মৃতদেহটোৰ মুখমণ্ডল স্পষ্ট নোহোৱাত পৰিয়ালৰ সদস্যসকল দোমোজাত পৰে। 

    আনহাতে, একেলগে থকা আন জন অসুস্থ যুৱক অভিমন্যুৰ কোনো সন্ধান নোপোৱাত দুয়ো পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰিছে। এই ক্ষেত্ৰত পৰিয়ালৰ লোকে অসমৰ বিভিন্ন থানা আৰু ৰে’ল আৰক্ষীৰ ওচৰ চাপিছে যদিও কোনো পক্ষৰ পৰা সহায় নোপোৱাত পৰিয়াল দুটা সম্পূৰ্ণ ভাগি পৰিছে। এনে পৰিস্থিতিত পৰিয়াল দুটাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।
    sv388sv388sabung ayam onlinesv388live casinosv388slot server thailandagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88slot gacor malam iniINDOJAWA88INDOJAWA88sabung ayam onlinesabung ayam onlinesv388agen casino onlinesv388live baccarat onlinesbobet sv388 login