• গোসাইগাঁৱত পুনৰ ডাইনীৰ সন্দেহত চাৰি সন্তানৰ মাতৃক নিৰ্মমভাৱে হত্যা

    আঞ্চলিক
    গোসাইগাঁৱত পুনৰ ডাইনীৰ সন্দেহত চাৰি সন্তানৰ মাতৃক নিৰ্মমভাৱে হত্যা
    ডিজিটেল ডেস্কঃ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। গোসাইগাঁৱত পুনৰ ডাইনীৰ সন্দেহত ৪৫ বছৰীয়া তথা চাৰি সন্তানৰ মাতৃ এগৰাকীক নিৰ্মমভাবে হত্যা। 

    গোসাইগাওঁ মহকুমাৰ কচুগাওঁ‌ থানাৰ অন্তৰ্গত জলেশ্বৰী আদিবাসী গাঁৱত শনিবাৰে নিশা ডাইনীৰ সন্দেহত ভৰত মূৰ্মু নামৰ এজন লোকৰ পত্নীক হত্যা কৰা হয়। হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম দুলাৰ হাসদা(৪৫)। দুলাৰক বাঁহৰ লাঠিৰে মূৰত উপৰ্যুপৰি কোবাই-কোবাই নিৰ্মমভাৱে হত্যা কৰে পাশৱিক মনৰ লোকে। 

    হত্যাৰ পাছত গাওঁখনৰে এখন বাঁহনিত মৃতদেহটো পেলাই দিয়ে। দেওবাৰে ৰাতিপুৱা হত্যাকাণ্ডৰ বিষয়ে অৱগত হৈ পৰিয়াল তথা স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। 

    স্থানীয় ৰাইজৰ ভাষ্য তথা গাওঁখনৰ সামাজিক গাওঁবুঢ়া সুশীল হেমব্ৰমে কোৱা মতে মহিলাগৰাকীক গাঁৱৰে কোনোবাই ডাইনীৰ সন্দেহত হত্যা কৰিছে। পৰিয়ালৰ লোকেও ডাইনীৰ সন্দেহত হত্যা কৰা হৈছে বুলি গাওঁবুঢ়াক অৱগত কৰে। উক্ত ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    আনহাতে আৰক্ষীৰ মতে এয়া কোনো ডাইনীকাণ্ড নহয় এয়া হত্যাকাণ্ড হে। আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ 

    বাতৰি সংগ্ৰহঃ ফুংখা বৰগয়াৰী
    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor