• বিবাহৰ ৩ মাহ নৌ হওঁতেই উত্তৰ প্ৰদেশৰ ন-বোৱাৰীৰ গুৱাহাটীত আ*ত্ম*হ*ত্যা

    আঞ্চলিক
    বিবাহৰ ৩ মাহ নৌ হওঁতেই উত্তৰ প্ৰদেশৰ ন-বোৱাৰীৰ গুৱাহাটীত আ*ত্ম*হ*ত্যা
    ডিজিটেল ডেস্কঃ মাৰ্চত বিয়া,  জুনত আ*ত্ম*হ*ত্যা।  বিবাহৰ ৩ মাহ নৌ হওঁতেই ন-বোৱাৰীয়ে ল'লে চৰম সিদ্ধান্ত। গুৱাহাটী  মহানগৰীত উদ্ধাৰ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাৰ মৃতদেহ। গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওতেই প্ৰাণ হেৰুৱালে ২৫ বছৰীয়া এগৰাকী মহিলাই।

    ২জুনতে নিজক শেষ কৰি দিয়ে সংগীতা নিষাদ নামৰ বোৱাৰীগৰাকীয়ে। ৰহস্যজনভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। তাৰ পাছতেই স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বোৱাৰীগৰাকীৰ পৰিয়ালৰ। সংগীতাৰ মৃত্যুৰ খবৰ পাই উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীত উপস্থিত মহিলাগৰাকীৰ পৰিয়াল।

    মহানগৰীৰ তৰুণ নগৰত সংঘটিত হ'ল এই মৰ্মান্তিক ঘটনা।‌ বিবাহৰ পাছৰে পৰা মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে সংগীতা নিষাদৰ পৰিয়ালে।  স্বামী পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ বাবে বিবাহৰ ৩ মাহ নৌ হওঁতেই প্ৰাণ‌ হেৰুৱালে এইগৰাকী ন-বোৱাৰীয়ে। এই অভিযোগ উত্থাপন কৰিছে মৃত বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে।‌

    উল্লেখ্য যে সংগীতা নিষাদ নামৰ মহিলাগৰাকীয়ে যোৱা ৭মাৰ্চত বিবাহপাশত আবদ্ধ হৈছিল উত্তৰ প্ৰদেশৰে ৰাজেশ কেৱট নামৰ এজন ব্যক্তিৰে।‌ বিয়াৰ পাছৰে পৰা স্বামীৰ পৰিয়ালে মহিলাগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ।‌

    ২০  লাখ টকা যৌতুক বিচাৰি সংগীতাক নিৰ্যাতন কৰা অভিযোগ পৰিয়ালৰ। স্বামীগৃহই সংগীতাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।  ২০ লাখ টকা নিদিলে ৰাজেশ কেৱটক ত্যাগ কৰিবলৈও সংগীতাক হেঁচা দিছিল বুলি ভয়ংকৰ অভিযোগ উত্থাপন।

    উল্লেখ্য যে মূলতঃ উত্তৰ প্ৰদেশৰ বাসিন্দা যদিও  APDCLৰ চাকৰি সূত্ৰে পৰিয়ালসহ  ৰাজেশ কেৱট বাস কৰে গুৱাহাটী মহানগৰীত।  উত্তৰ প্ৰদেশৰ সংগীতাও বিবাহসূত্ৰে গুৱাহাটীত বাস কৰিছিল ।‌

     ইতিমধ্যে ভঙাগড় থানাত স্বামীগৃহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সংগীতাৰ পৰিয়ালৰ লোকে। আৰক্ষীৰ তদন্ত আৰম্ভ।