ডিজিটেল ডেস্ক :ভাৰতীয় নাৰীবাদী আন্দোলনৰ উদ্দেশ্য কেৱল সম অধিকাৰৰ দাবীয়েই নাছিল, নিৰাপদ পৰিৱেশ সৃষ্টিৰ প্ৰচেষ্টাও আছিল।
কেইবাদশক ধৰি চলা অবিৰত সামাজিক আন্দোলনৰ অন্তত আজিৰ তাৰিখত ভাৰতত মহিলাসকলে নিৰাপত্তা অনুভৱ কৰিছে বুলি ক’ব পাৰিনে?
যদি এই প্ৰশ্নটো এগৰাকী নাৰীক সুধা হয়, হয়তো এটা শব্দতেই আহিব সেই উত্তৰ -হয়তো উত্তৰতো হ’ব নোৱাৰি ৷
শনিবাৰে আছিল আন্তৰ্জাতিক নাৰী দিৱস ৷ নাৰী বন্দনাত সমগ্ৰ দেশ ব্যস্ত থকাৰ দিনটোতে অসমৰ বতাহত ভাঁহি আহিছিল নাৰীক এচিড আক্ৰমণৰ খবৰ ৷ শনিবাৰে অভয়াপুৰীত সমাজিক সভ্যতাক নগ্ন কৰি এটা পাষণ্ডই মাতৃ কন্যাৰ সৈতে সংঘটিত কৰিলে ভয়ানক কাণ্ড ৷ ৰাজপথত মাতৃ-কন্যাক এচিডেৰে আক্ৰমণ জাহিদুল হক নামৰ এটা পাষণ্ডৰ ৷ ঘটনা সংঘটিত কৰি বৰ্তমান পলাতক জাহিদুল ইছলাম ৷ মাতৃ কন্যা বৰ্তমান হস্পিতালত চিকিৎসাধীন ৷
Leave A Comment