• মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁ‌ড় দিৱস; সুৰক্ষিত আছে নে মানাহৰ গঁ‌ড়কেইটা?

    আঞ্চলিক
    মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁ‌ড় দিৱস; সুৰক্ষিত আছে নে মানাহৰ গঁ‌ড়কেইটা?
    ডিজিটেল ডেস্ক: অজি বিশ্ব বিশ্ব গঁ‌ড় দিৱস৷ বিশ্বৰ আন আন প্ৰান্তৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো পালন কৰা হৈছে বিশ্ব গঁ‌ড় দিৱস। 

    বিশ্ব গঁ‌ড় দিৱসৰ লগত সংগতি ৰাখি মানাহ কৰ্তৃপক্ষ, WWF, আৰণ্যক, জীপ চাফাৰী সন্থা, WTI, MEWS আৰু বন বিভাগৰ উদ্যোগত মানাহত সজাগতামূলক চাইকেল ৰেলী উলিওৱা হৈছে৷ মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশে ফ্লেগ অফ কৰি চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে৷ স্থানীয় ৰাইজৰ উৎসাহ জনক অংশগ্ৰহণ পৰিলক্ষিত হৈছিল। ৰেলীৰ পাছত, ভূইঞাপাৰা ৰেঞ্জতো এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছিল, এই সভাত গঁড়ৰ সুৰক্ষা, জনসংখ্যা বৃদ্ধি তথা বাসস্থান সংৰক্ষণৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা হয়৷

    ডঃ চি. ৰমেশ, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক, উদ্যানৰ গঁড় সংৰক্ষণৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি কয় যে সম্প্ৰতি মানাহ ৰাষ্ট্ৰীয় উদ্যানত আন আন জীৱ জন্তুৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে ৫০ টালৈ বৃদ্ধি হৈছে৷ বিভিন্ন ক্ষেত্ৰৰ সহযোগিতাৰ প্ৰয়োজনীয়তা কথা উল্লেখ কৰি সংৰক্ষণ কাৰ্যসূচীসমূহৰ সফলতাৰ ওপৰত আলোকপাত কৰে সঞ্চালকগৰাকীয়ে৷

    উল্লেখযোগ্য যে ‘Keep the Five Alive’ অৰ্থাত গঁড়ৰ পাঁচোটা প্ৰজাতি জীয়াই ৰখাৰ উদ্দেশ্য আগত ৰাখি প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্ব গঁড় দিৱস পালন কৰি অহা হৈছে৷