ডিজিটেল ডেস্ক : ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যৰে ভাৰতৰ বিদেশ সচিব বিক্রম মিস্ত্রী আৰু চীনৰ উপ-বিদেশ মন্ত্রী চুন ৱেইডঙৰ মাজত শুকুৰবাৰে নতুন দিল্লীত বৈঠক অনুষ্ঠিত কৰা হয়।
দুদিনীয়া ভ্রমণসূচী লৈ ভাৰতলৈ অহা চীনৰ উপ-বিদেশ মন্ত্ৰী ৱেইডঙে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে ভাৰতৰ বিভিন্ন নেতাৰ সৈতে বৈঠকত মিলিত হ'ব। শুকুৰবাৰে ভাৰতৰ বিদেশ সচিব মিস্ৰীৰ সৈতে হোৱা বৈঠকত দুয়োখন চুবুৰীয়া দেশে ইয়াৰ জনসাধাৰণ-কেন্দ্ৰিক বিষয়সমূহত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰে অংশ হিচাপে দুয়োখন দেশৰ মাজত পোনপটীয়া বিমানসেৱা পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।
বেইজিঙত যোৱা জানুৱাৰী মাহত দুয়োখন দেশৰ মাজত হোৱা বৈঠকত গ্রহণ কৰা সিদ্ধান্তসমূহৰ বিষয়তো পর্যালোচনা কৰা হয় বৈঠকখনত। চলিত বর্ষত কৈলাস মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰি চীনে দেখুওৱা সহযোগিতাক বিদেশ সচিব মিস্ত্রীয়ে সন্তোষ কৰে। ভাৰতীয় তীর্থযাত্ৰীসকলৰ বাবে এই কৈলাস মানস সৰোবৰ যাত্ৰাটো হৈছে এখন গুৰুত্বপূর্ণ তীর্থস্থান। আনহাতে, ২০২৫ চনৰ এপ্ৰিলত দুয়ো দেশৰ মাজত হোৱা বৈঠকৰ বিষয়ে উল্লেখ কৰি মিস্ৰীয়ে কয় যে সীমাৰ সিপাৰে থকা দুয়োখন দেশৰ নদীসমূহৰ বিশেষজ্ঞ স্তৰীয় কার্যপ্রণালীৰ অধীনত জলবিদ্যুৎ সম্পর্কীয় ডাটা আৰু অন্য নিৰ্মাণকাৰ্যৰ বিষয়ত দুয়োখন দেশে তথ্য শ্বেয়াৰৰ বাবে সন্মত হয়।
বৈঠকখনত দুয়োখন দেশৰ পোনপটীয়া বিমান সংযোগৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি, ভিছা আৱেদনৰ বাবে প্রক্রিয়া সহজ কৰাৰ লগতে বিভিন্ন দ্বিপাক্ষিক বিষয়ৰ আদান-প্রদানৰ ওপৰতো দুয়োখন দেশে পদক্ষেপ ল'বলৈ সিদ্ধান্ত লয়।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment