• দেশক গৰ্বিত কৰিলে আন এগৰাকী মহিলা মহাকাশচাৰীয়ে

    বিজ্ঞান আৰু প্ৰযুক্তি
    দেশক গৰ্বিত কৰিলে আন এগৰাকী মহিলা মহাকাশচাৰীয়ে

    নিউয়ৰ্ক : দেশক গৰ্বিত কৰি তুলিলে আন এগৰাকী ভাৰতীয় মহাকাশচাৰীয়ে। বৈমানিকী অভিযন্তা অৰ্থাৎ এৰ’নটিকেল ইঞ্জিনিয়াৰ শ্ৰীষা বাণ্ডলাই দেশক উপহাৰ দিলে আন এক গৰ্বৰ ক্ষণ। মহাকাশলৈ যাত্ৰা কৰা তৃতীয়গৰাকী ভাৰতীয় মূলৰ মহিলাত পৰিণত হৈছে শ্ৰীষা বাণ্ডলা। ব্ৰিটেইনৰ ধনকুবেৰ ৰিচাৰ্ড ব্ৰানচনৰ এক পৰীক্ষামূলক মহাকাশ অভিযান অংশ হৈ তেওঁ এই কৃতিত্বৰ অধিকাৰী হয়।





    নিউ মেক্সিকোৰ পৰা সম্পূৰ্ণ কৰ্মীৰে পূৰ্ণ বিমানখনে যাত্ৰা কৰে। Virgin Galactic's VSS Unity নামেৰে অভিহিত মহাকাশযানখন ডেৰঘণ্টীয়া এক বিশেষ মহাকাশ যাত্ৰাৰ দিশে অগ্ৰসৰ হয়। ৩৪ বছৰীয়া ভাৰতীয় মূলৰ অভিযন্তাগৰাকীয়ে টুইটযোগে এই বিষয়ে সদৰি কৰি এই অভিযানৰ অংশ হৈ তেওঁ গৰ্বিত হৈ পৰা বুলি মন্তব্য কৰে।





    তেওঁ লিখিছে, ইউনিটী-২২ৰ এগৰাকী সদস্য হ’বলৈ পাই মই অতি গৰ্বিত অনুভৱ কৰিছোঁ। আৰু সকলোৰে বাবে মহাকাশ সহজগম্য কৰি তোলাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা কোম্পানীটোৰ অংশ হোৱাটোও মোৰ কাৰণে অতি গৰ্বৰ কথা।