• বহুজাতিক IT কোম্পানীত চাকৰি কৰাৰ হেঁপাহ থকাসকলৰ বাবে এইটো হ’ব পাৰে ভাল খবৰ!

    বিজ্ঞান আৰু প্ৰযুক্তি
    বহুজাতিক IT কোম্পানীত চাকৰি কৰাৰ হেঁপাহ থকাসকলৰ বাবে এইটো হ’ব পাৰে ভাল খবৰ!

    ডিজিটেল ডেস্ক : বহুজাতিক তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান (IT Company)ত কাম কৰাৰ হেঁপাহ আছে নেকি আপোনাৰ? যদি আছে, তেনেহ’লে এই বাতৰিটো আপোনাৰ বাবে হ’ব পাৰে আশাৰ বতৰা। 'স্নাতক নিয়োগ' কাৰ্যসূচীৰ অংশস্বৰূপে বিশ্বৰ নামজ্বলা প্ৰতিষ্ঠানত কাম কৰাৰ সৌভাগ্য উদয় হ’ব পাৰে আপোনাৰো।






    তৃতীয় কোৱাটাৰত ৫,৮০৯ কোটি টকাৰ লাভ ঘোষণাৰ পাছত ভাৰতবৰ্ষৰ দ্বিতীয় বৃহৎ তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান ইনফ’চিছে মুকলি কৰিছে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। বুধবাৰে এই কথা আনুষ্ঠানিকভাৱে সদৰি কৰিছে বহুজাতিক কোম্পানীটোৱে। বিশ্বজোৰা 'স্নাতক নিয়োগ' কাৰ্যসূচীৰ এটা অংশ হিচাপে ২০২২ বিত্তীয়বৰ্ষৰ বাবে বহুসংখ্যক নতুন ব্যক্তি (Fresher)ক নিযুক্তি দিয়া হ’ব কোম্পানীটোত।






    কোম্পানীটোৰ মুখ্য বিত্তীয় বিষয়া নীলাঞ্জন ৰয়ে সদৰি কৰিছে এই কথা। তেওঁ কয় যে ইনফ’চিছে প্ৰতিভা আহৰণ আৰু বিকাশত অগ্ৰাধিকাৰ দিয়ে। এই উদ্দেশ্যে বিত্তীয় বৰ্ষ ২২ৰ বাবে বিশ্বজোৰা স্নাতক নিয়োগ কাৰ্যসূচীত ৫৫,০০০তকৈ অধিক লোকক নিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কোম্পানীটোৱে। এই ঘোষণাই তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত নিযুক্তিৰ সুযোগ বিচাৰি থকা নতুনসকলৰ বাবে এটা ভাল খবৰ দিছে।






    ইনফোচিছে বুধবাৰে ৩১ ডিচেম্বৰত সমাপ্ত হোৱা ২২ বিত্তীয় বৰ্ষৰ তৃতীয় কোৱাটাৰৰ ফলাফল ঘোষণা কৰে। ফলাফল অনুসৰি মুঠ লাভ বাৰ্ষিক ১১.৮ শতাংশ বৃদ্ধি হৈ ৫,৮০৯ কোটি টকালৈ বৃদ্ধি হৈছে। তদুপৰি, তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে বিত্তীয় বৰ্ষ ২২-ৰ বাবে ইয়াৰ ৰাজহ বৃদ্ধিৰ লক্ষ্য ১৯.৫ৰ পৰা ২০ শতাংশলৈ বৃদ্ধি কৰিছে। ২০২১ চনৰ ডিচেম্বৰত সমাপ্ত হোৱা তিনিমাহত ইনফোচিছৰ ৰাজহ ২২.৯ শতাংশ বৃদ্ধি হৈ ৩১,৮৬৭ কোটি টকা হৈছে যি এবছৰ আগতে ২২,৯২৭ কোটি টকা আছিল।






    কোম্পানীটোৰ এই ঘোষণাই এতিয়া আশাৰ সঞ্চাৰ কৰিছে বহু নিবনুৱা যুৱক-যুৱতীৰ মনত। কিয়নো ইনফ’চিছৰ গুৰুত্ব আৰু বিশ্বব্যাপী প্ৰৱল জনপ্ৰিয়তাৰ বাবে বহু যুৱক-যুৱতীৰ মনত ইয়াৰ কৰ্মচাৰী হোৱাৰ এটা বাসনা স্বাভাৱিকতেই থাকে। তেনে সময়তে ২০২২ বৰ্ষৰ বাবে ৫৫,০০০ নতুন ব্যক্তি (Fresher)ক নিযুক্তিৰ ঘোষণা এটা উল্লেখনীয় ঘোষণাত বিবেচিত হৈছে।