• বিশ্ববাসীৰ বাবে সুখবৰ: মুকলি হ’ল মেলেৰীয়া প্ৰতিষেধক

    বিজ্ঞান আৰু প্ৰযুক্তি
    বিশ্ববাসীৰ বাবে সুখবৰ: মুকলি হ’ল মেলেৰীয়া প্ৰতিষেধক

    ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ববাসীৰ বাবে ভাল খবৰ৷ বিশ্ব স্বাস্থ্য সন্থাই অনুমোদন জনালে প্ৰথমটো মেলেৰীয়া প্ৰতিষেধক৷ ৬ অক্টোবৰত বিশ্ব স্বাস্থ্য সন্থাৰ সচিব প্ৰধান ট্ৰেডচ আধানম ঘেবৰেয়েচুছে সংবাদ মেলযোগে ঘোষণা কৰে এই কথা৷ তেওঁ কয় যে, “এক দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল; বিজ্ঞানৰ এই জয়যাত্ৰাই মেলেৰীয়া নিৰ্মূল কৰি হাজাৰ হাজাৰ ৰোগীৰ জীৱন বচাব৷





    বিজ্ঞানীসকলে দাবী কৰা মতে, মেলেৰীয়াৰ সবাতোকৈ ভয়াৱহ প্লাজমোডিয়াম ফালচিপেৰামকো প্ৰতিৰোধ কৰিব পাৰে এই প্ৰতিষেধকে৷ সুদীৰ্ঘ চাৰি বছৰ ধৰি আফ্ৰিকা মহাদেশত চলা পৰীক্ষণৰ অন্তত এই প্ৰতিষেধক ১০জনৰ ৪জনৰ ওপৰত ফলপ্ৰসু হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, এই ভেকচিন তৈয়াৰ কৰাৰ ক্ষেত্ৰত ইউৰোপীয় চিকিৎসা সংস্থাৰ পৰাও ইতিবাচক সঁহাৰি লাভ কৰিছে আফ্ৰিকাই৷ ইতিমধ্যে আফ্ৰিকাৰ চাৰিখন দেশ ক্ৰমে ঘানা, কেনিয়া আৰু মালাৱিৰ ৮ লক্ষ শিশুক প্ৰদান কৰা এই ভেকচিনৰ সুফল পোৱা গৈছে৷





    তথ্য অনুসৰি ২০১৯ চনত সমগ্ৰ বিশ্বত ২৩কোটি লোক এই ৰোগত আক্ৰান্ত হৈছিল আৰু ৪ লক্ষ লোকৰ মৃত্যু হৈছিল৷ ৫ বছৰৰ তলৰ শিশু এই ৰোগত অধিক আক্ৰান্ত হয়৷ ২০১৯চনত ৬৭ শতাংশ ৫বছৰৰ তলৰ শিশুৰ মেলেৰীয়াত মৃত্যু হৈছিল৷ বিশ্ব স্বাস্থ্য সস্থাৰ স্বীকৃতিপ্ৰাপ্ত এই ভেকচিন বৈজ্ঞানীক চিহ্ন হৈছে ‘আৰটিএছ, এছ/এএছঅ ১’ আৰু বাণিজ্যিক নাম মস্কুইৰিক্স৷ ৫মাহৰ ওপৰৰ শিশুক ইণ্ট্ৰামাস্কুলাৰ পদ্ধতিৰে ৪পালিকৈ এই ভেকচিন দিব লাগিব।