• ভেলেণ্টাইন দে'ত প্ৰেমৰ বাৰ্তা কঢ়িয়াই ' ইছৰো 'ৱে মহাকাশত উৎক্ষেপণ কৰিব 'EOS-4'

    বিজ্ঞান আৰু প্ৰযুক্তি
    ভেলেণ্টাইন দে'ত প্ৰেমৰ বাৰ্তা কঢ়িয়াই ' ইছৰো 'ৱে মহাকাশত উৎক্ষেপণ কৰিব 'EOS-4'
    ডিজিটেল ডেস্কঃ ভেলেণ্টাইন দে'ৰ দিনাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই উৎক্ষেপণ কৰিব এখন বিশেষ ৰকেট৷ আটাইতকৈ বিশ্বাসযোগ্য ৰকেট পিএছএলভি-চি৫২ ইছৰো ৱে উৎক্ষেপণ কৰিব ১৪ ফেব্ৰুৱাৰীৰ পুৱা ৫.৫৯ বজাত৷ এই বছৰৰ প্ৰথমখন ৰকেট উৎক্ষেপণ কৰিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। ৰকেটখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ পেডত একত্ৰিত কৰা হৈছে। ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ ২৫ৰ পৰা ৩০ মিনিট আগৰে পৰাই উৎক্ষেপণৰ কাউণ্টডাউন আৰম্ভ হ'ব বুলি জানিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে, উৎক্ষেপণ প্ৰক্ৰিয়া পুৱা ৪.২৯ বজাৰ পৰা আৰম্ভ কৰা হ'ব৷

    EOS-4/RISAT-1A উপগ্ৰহৰ সৈতে আৰু দুটা উপগ্ৰহ থাকিব বুলি সন্থাটোৱে সদৰী কৰে৷

    প্ৰথমটো হ'ল ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা ইনস্পিৰেছেট-১ আৰু দ্বিতীয়টো হ'ব ভাৰত-ভূটান যুটীয়া উপগ্ৰহ আইএনএছ-২বি ৷ ইছৰোৰ মতে, মহাকাশ সংস্থাটোৱে পৃথিৱীৰ নিম্ন কক্ষপথত পৰ্যৱেক্ষণৰ বাবে উপগ্ৰহ EOS-4/RISAT-1A স্থাপন কৰিব পাৰে।

    ইয়াৰ পূৰ্বে, আইএনএছ-২বি মুকলি কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল এই বৰ্ষৰ মাৰ্চ মাহত৷ কিন্তু এতিয়া ইয়াক EOS-4ৰ সৈতে মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। EOS-4 উপগ্ৰহটো ১৭১০ কিলোগ্ৰামৰ আৰু পৃথিৱীৰ পৰা ৫২৯ কিলোমিটাৰ দূৰত থকা প'লাৰ অৰ্বিটত ইয়াক স্থাপন কৰা হ'ব।

    দৰাচলতে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) বিগত বৰ্ষৰ জুলাইত PSLV-C52 ৰকেটৰ পৰা EOS-4/RISAT-1A উপগ্ৰহ উৎক্ষেপণ কৰাৰ কথা আছিল৷ এই উপগ্ৰহটো আছিল এটা মাইক্ৰ'ৱেভ দূৰৱৰ্তী উপগ্ৰহ। কৰ'নাৰ বাবে এই উৎক্ষেপণ পিছুৱাই দিয়া হৈছিল কিন্তু এই বৰ্ষত ইয়াৰ উৎক্ষেপণৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা৷