• পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱন কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ এগৰাকী অসমীয়া মহিলাৰ

    বিজ্ঞান আৰু প্ৰযুক্তি
    পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱন কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ এগৰাকী অসমীয়া মহিলাৰ


    অসমৰ এগৰাকী মহিলা এতিয়া আন্তৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত৷ নাম তেওঁৰ হৰ্ষিতা গগৈ। গুৱাহাটীত জন্ম লাভ কৰা হৰ্ষতা গগৈ এগৰাকী পৰিৱেশ বিজ্ঞানী৷ পানী পৰিশোধন প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিছে হৰ্ষিতা গগৈয়ে। 

    জৈৱ ব্যৱস্থাপনাৰ জৰিয়তে তেওঁ এই প্ৰযুক্তি উদ্ভাৱন কৰিছে৷ হৰ্ষিতা গগৈয়ে উদ্ভাৱন কৰা এই প্ৰযুক্তিৰ দ্বাৰা বৰ্জিত পানীও শোধন কৰিব পৰা যাব৷ বৰ্জিত পানীৰ পৰা সফলতাৰে আঁতৰাব পৰা যাব বিষাক্ত অজৈৱিক পদাৰ্থ৷ ইয়াৰোপৰি পানীত মিহলি  ছালফেটৰ লগতে খনি সমূহৰ পৰা নিৰ্গত বৰ্জিত পানীও নিষ্কাষণ কৰিব পৰা যাব৷ 

    ড° হৰ্ষিতা গগৈৰ এই আৱিষ্কাৰে পানী পৰিশোধন লগতে  জলসংৰক্ষণৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে৷  
     
    গুৱাহাটীত জন্ম লাভ কৰা হৰ্ষতা গগৈয়ে গুৱাহাটীতে  শিক্ষা লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ ফিনলেণ্ডৰ ওলু বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ অভিযান্ত্ৰিক পাঠ্যক্ৰমত স্নাতকোত্তৰ ডিগ্ৰী আৰু পি এইচ ডি ডিগ্ৰী অৰ্জন কৰে৷ এই ডিগ্ৰী লাভৰ পিছতে তেওঁক ফিনলেণ্ডৰ চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান হেলছিংকি আঞ্চলিক পৰিৱেশ সেৱাৰ বাবে নিৰ্বাচিত হয়৷ 

    বৰ্তমান তেওঁ ছফটৱেৰ অভিযন্তা প্ৰীমত গগৈৰ পত্নী আৰু দুয়োগৰাকী এতিয়া আমেৰিকাৰ বাসিন্দা। লগতে ড° হৰ্ষিতা গগৈ ইভাকুৱা ৱাটাৰ টেকন’লজি নামৰ কোম্পানীটোৰ গৱেষণা আৰু উন্নয়ন অভিযান্ত্ৰিক প্ৰকল্প মেনেজাৰ  হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ শেহতীয়াকৈ তেওঁ কৰা এই বিশেষ উদ্ভাৱনৰ বাবে পেটেন্ট বিচাৰি আমেৰিকাত আবেদন জনাইছে৷