ডিজিটেল ডেস্ক: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিখ্যাত সাধুকথাৰ গ্ৰন্থ 'বুঢ়ী আইৰ সাধু' এইবাৰ আৰবী ভাষালৈ অনুবাদ হৈছে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জে এন ইউ) গবেষক ছাত্র তথা অসম সন্তান মৌলানা আবু ছাইদ আনছাৰিয়ে অসমীয়া সাহিত্যৰ অন্যতম শ্রেষ্ঠ সাহিত্যিক সাহিত্যৰথী বেজবৰুৱাৰ অমৰ সৃষ্টি 'বুঢ়ী আইৰ সাধু' গ্ৰন্থখন আৰবী ভাষালৈ অনুবাদ কৰি অসমৰ সাধুকথাক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ সক্ষম হৈছে। অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰি অনুবাদ গ্ৰন্থখন মিছৰৰ কাইৰোৰ পৰা প্ৰকাশ পাইছে।
বিশ্বৰ সাহিত্যপ্রেমীসকলৰ কাষলৈ অনুবাদ গ্ৰন্থখন লৈ যোৱাৰ বাবে মিছৰৰ দৰ আল-মাশ্রিয়া আল-মাঘ্ৰিবিয়া লিল-নছৰ ৱাল-তাউজি ইন কাইৰো প্ৰকাশনে প্রকাশ কৰিছে। গ্রন্থখন ইতিমধ্যে বিশ্বৰ সাহিত্যপ্রেমীসকলৰ বাবে উপলব্ধ হৈছে।উল্লেখযোগ্য যে মৌলানা আবু ছাইদ আনছাৰিৰ এই প্ৰচেষ্টা কেৱল প্রশংসনীয়ই নহয়, বৰং সাম্প্রতিক সময়ত অসমীয়া সাহিত্যৰ বিশ্বজোৰা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে গণ্য হৈছে।
তেওঁৰ এই কামৰ জৰিয়তে অসমীয়া সাহিত্যৰ এক উৎকৃষ্ট ফচল হিচাপে পৰিচিত বুঢ়ী আইৰ সাধু গ্রন্থখন এতিয়া বিশ্বৰ প্ৰায় ৫৬ খন আৰবীভাষী দেশৰ পাঠকৰ কাষ পাবলৈ সক্ষম হৈছে। প্রণিধানযোগ্য যে আৰবী ভাষাৰ উপৰি শেহতীয়াকৈ বুঢ়ী আইৰ সাধু গ্ৰন্থখন স্পেনিছ ভাষালৈয়ো অনুবাদ হৈছে। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ যুৱ লেখক তন্ময় সোণোৱালে গ্রন্থখন স্পেনিছ ভাষালৈ অনুবাদ কৰাৰ তথ্য পোৱা গৈছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment