ডিজিটেল ডেস্কঃ ভাৰত আৰু ৰাছিয়াৰ চন্দ্ৰ অভিযানৰ মাজত বহু পাৰ্থক্য আছে। উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাছিয়াই চন্দ্ৰলৈ লুনা-২৫ প্ৰেৰণ কৰিছিল আৰু ইয়াৰ খৰচো অধিক হৈছিল। তুলনামূলকভাৱে সস্তাতে ইছৰোৱে এই অভিযানৰ পৰিকল্পনা কৰিছে।
চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ ওজন ১৭৫২ কিলোগ্ৰাম। তাত ৰাছিয়াৰ লেণ্ডাৰখনৰ ওজন আছিল মাত্ৰ ৮০০ কিলোগ্ৰাম। চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুলৈ নামি ১৪ দিনৰ বাবে বিভিন্ন তথ্য সংগ্ৰহ কৰিব। ৰাছিয়াৰ এই লেণ্ডাৰখন চন্দ্ৰত এবছৰ থকাৰ পৰিকল্পনা কৰা হৈছিল।
লুনা-২৫ৰ ভৰ আছিল ১.৮ টন। পেটত ৩১ কেজি ওজনৰ বৈজ্ঞানিক সামগ্ৰী কঢ়িয়াই লৈ ফুৰিছিল লেণ্ডাৰখন। ই চন্দ্ৰৰ মাটিৰ কমেও ৬ ইঞ্চি গভীৰতাৰ পৰা শিলৰ সামগ্ৰী সংগ্ৰহ কৰাৰ কথা আছিল। কিন্তু সকলো পৰিকল্পনা ছিন্নভিন্ন হৈ পৰিল।
১৪ জুলাইৰ দুপৰীয়া ২:৩৫ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ‘লঞ্চিং পেড’ৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। ইছৰোৰ তথ্য অনুসৰি বুধবাৰে সন্ধিয়া ৬:০৪ বজাত বিক্ৰম চন্দ্ৰত অৱতৰণ কৰাৰ কথা। সমগ্ৰ দেশবাসীয়ে এই অভিযানৰ সফলতাৰ আশাত।
Leave A Comment