• আৱিষ্কাৰ হৈছে পঁইতাচোৰাৰ এটা নতুন প্ৰজাতিৰ! নাম ৰখা হৈছে 'পকেমন’ কাৰ্টুনৰ বিখ্যাত চৰিত্ৰ 'ফেৰোমোছা’ৰ নামেৰে, ক’ত?

    বিজ্ঞান আৰু প্ৰযুক্তি
    আৱিষ্কাৰ হৈছে পঁইতাচোৰাৰ এটা নতুন প্ৰজাতিৰ! নাম ৰখা হৈছে 'পকেমন’ কাৰ্টুনৰ বিখ্যাত চৰিত্ৰ 'ফেৰোমোছা’ৰ নামেৰে, ক’ত?
    ডিজিটেল ডেস্কঃ ছিংগাপুৰত আৱিষ্কাৰ হৈছে পঁইতাচোৰাৰ এক নতুন প্ৰজাতিৰ। ২০১৬ চনত পোক-পৰুৱাৰ ওপৰত কৰা বিশেষ অধ্যয়নৰ সময়ত এই বিশেষ প্ৰজাতিটো বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হৈছিল। এটা কাৰ্টুন চৰিত্ৰৰ নামেৰে এই নতুন প্ৰজাতিটোৰ নাম ‘ফেৰ’মোছা’ ৰাখিছে বিজ্ঞানীসকলে।

    ‘লী কং চিয়ান প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়’ৰ তথ্য অনুসৰি, পঁইতাচোৰাৰ ৩২টা প্ৰজাতিৰ অস্তিত্ব এতিয়ালৈকে জানিব পৰা গৈছে। দেখাত একে হ’লেও এই প্ৰজাতিটোৰ শৰীৰৰ গঠন আৰু অংগ-প্ৰত্যংগ আন প্ৰজাতিৰ তুলনাত পৃথক। এই কথা ফু মাওচেং আৰু ‘লি কং চিয়ান নেচাৰেল হিষ্ট্ৰী মিউজিয়াম’ আৰু ‘ইউপিএলবি মিউজিয়াম ফৰ নেচাৰেল হিষ্ট্ৰী’ৰ দুজন গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰত উল্লেখ কৰিছে।

    জনপ্ৰিয় কাৰ্টুন ধাৰাবাহিক ‘পকেমন’ৰ বিখ্যাত চৰিত্ৰ ‘ফেৰ’মোছা’ৰ নামেৰে এই প্ৰজাতিৰ পঁইতাচোৰাৰ নামকৰণ কৰা হৈছে। আকাৰত ডাঙৰ আৰু সম্পূৰ্ণ বেলেগ জিন থকা পঁইতাচোৰাবিধক কাৰ্টুনৰ কাল্পনিক চৰিত্ৰ ‘ফেৰ’মোছা’ৰ দৰেই দেখা যায়।