• কণী পৰাৰ আগতেই পৃথিৱীলৈ আহিছিল কুকুৰা! ‘কুকুৰা আগত নে কণী আগত’- সমাধান হ’ল এই জটিল ৰহস্যৰ!

    বিজ্ঞান আৰু প্ৰযুক্তি
    কণী পৰাৰ আগতেই পৃথিৱীলৈ আহিছিল কুকুৰা! ‘কুকুৰা আগত নে কণী আগত’- সমাধান হ’ল এই জটিল ৰহস্যৰ!
    ডিজিটেল ডেস্কঃ কুকুৰা পোৱালি আগত জগিছিল নে কুকুৰাৰ কণী আগত? এই প্ৰশ্নটোৰ কোনো সমাধান নাই বুলি ভবা হয়৷ কিন্তু শেহতীয়াকৈ এদল বিজ্ঞানীয়ে দাবী কৰিছে যে তেওঁলোকে এই জটিল প্ৰশ্নটো সমাধান কৰিছে।

    ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে চৰাই আৰু সৰীসৃপৰ আদিম পূৰ্বপুৰুষসকলে এসময়ত কণী পৰাৰ পৰিৱৰ্তে পোৱালি জন্ম দিছিল। এই আৱিষ্কাৰৰ সবিশেষ সকলোবোৰ গৱেষণা আলোচনী ‘নেচাৰ ইক’লজি এণ্ড ইভলিউচন’ত প্ৰকাশ কৰা হৈছে।

    নানজিং বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ লগতে ব্রিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্রাচীন বিশ্বাসক প্রত্যাহবান জনাইছে৷ তেওঁলোকে দাবী কৰিছে যে খোলাযুক্ত কণী আছিল এম্নিঅ’ট অৰ্থাৎ সৰীসৃপৰ অস্তিত্বৰ মূল চাবিকাঠি। এই প্ৰাণীবোৰৰ ভ্ৰূণবোৰ কণীৰ ভিতৰত এম্নিয়ন বা মেমব্ৰেন বা মোনাৰ ভিতৰত সৃষ্টি হৈছিল। 


    অৰ্থাৎ কণীৰ আগতেই কুকুৰাটো পৃথিৱীলৈ আহিছিল। গৱেষণাৰ মতে, হাজাৰ বিজাৰ বছৰৰ আগতে কুকুৰাই কণী পৰা নাছিল। কুকুৰাই পোৱালিহে দিছিল। বিৱৰ্তনৰ ফলতহে চৰাইবোৰে কণী পাৰে। সেইবাবেই কণীৰ আগত এই পৃথিৱীলৈ কুকুৰাৰ আগমন ঘটিছিল।

    ব্রিষ্টল বিশ্ববিদ্যালয়ৰ স্কুল অৱ আর্থ চাইন্সেছৰ নেতৃত্বত হোৱা এই গৱেষণাত ৫১টা প্ৰজাতিৰ জীৱাশ্ম আৰু ২৯টা জীৱিত প্ৰজাতিৰ কণীৰ ওপৰত অধ্যয়ন কৰা হৈছে। গৱেষণাটোত কঠিন বা কোমল খোলাৰ কণীৰ বিষয়ে  অধ্যয়ন কৰা হৈছে।